পাকিস্তানৰ যুঁজাৰু বিমান F-16 ভূপতিত, ভাৰতৰ এজন বায়ুসেনাৰ পাইলট সন্ধানহীন: বিদেশ মন্ত্ৰালয়

পাকিস্তানৰ যুঁজাৰু বিমান F-16 ভূপতিত, ভাৰতৰ এজন বায়ুসেনাৰ পাইলট সন্ধানহীন: বিদেশ মন্ত্ৰালয়
Published on

ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ সংবাদমেল। সংবাদমেলত প্ৰকাশ কৰে যে এখন পাকিস্তানৰ যুঁজাৰু বিমান F-16 ভাৰতীয় সেনা ৰ আক্ৰমণত লাম উপত্যকাত ভূ-পতিত হয় । ‘আমাৰ এখন MIG বিমান সন্ধানহীন হৈ আছে, ভাৰতৰ এজন পাইলট সন্ধানহীন হৈ আছে বুলি প্ৰকাশ কৰিছে । পাকিস্তানে ইতিমধ্যে প্ৰকাশ কৰিছে যে ভাৰতৰ পাইলট জন তেওঁলোকে জিম্মাত আছে।

জঈছ–ঈ–মহম্মদে আত্মঘাতী আক্ৰমণৰ পৰিকল্পনা কৰিছিল, পাকিস্তানে আজি পুৱা আক্ৰমণৰ চেষ্টা কৰিছিল কিন্তু ভাৰতে পাকিস্তানৰ চেষ্টা বিফল কৰে বুলি ভাৰতীয় বিদেশ মন্ত্ৰালয়ে সদৰি কৰিছে । আনহাতে জম্বু কাশ্মীৰৰ বদগামৰ ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাত পতিত মিগ-17 যুঁজাৰু বিমান ।২ জন পাইলট নিহত হৈছে ।

চীনৰ উঝেনত ভাৰত, ৰাছিয়া আৰু চীনৰ বিদেশ মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠকত ভাৰতৰ বিদেশ মন্ত্ৰী সুষমা স্বৰাজে উত্থাপন কৰে পুলৱামা কাণ্ডৰ প্ৰসংগ। সন্ত্ৰাসবাদীৰ ক্ষেত্ৰত ভাৰতৰ শূন্য সহনশীল নীতি বাহাল থাকিব বুলি এই ত্ৰিপাক্ষিক বৈঠকত উল্লেখ কৰে সুষমা স্বৰাজে। তেওঁ লগতে প্ৰকাশ কৰে যে পাকিস্তানৰ যুঁজাৰু বিমানৰ আক্ৰমণৰ লক্ষ্য আছিল ভাৰতীয় সেনা। পাকিস্তানে ভাৰতীয় সেনাৰ ২জনক গুলীয়াই হত্যা আৰু ২ জনক আটক কৰিছে বুলি প্ৰকাশ কৰিছে পাকিস্তান সেনাৰ মুখপাত্ৰ মেজৰ জেনেৰেল আছিফ গফুৰে । এজন পাইলট আঘাত প্ৰাপ্ত হৈছে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি প্ৰকাশ কৰে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com