বিদেশীৰ আশ্ৰয় শিবিৰক লৈ দিছপুৰক ভৎসনা উচ্চতম ন্যায়ালয়ৰ

বিদেশীৰ আশ্ৰয় শিবিৰক লৈ দিছপুৰক ভৎসনা উচ্চতম ন্যায়ালয়ৰ

সোমবাৰে বিদেশী আশ্ৰয় শিবিৰৰ প্ৰসংগ লৈ পুনৰ অসম চৰকাৰক ভৎসনা উচ্চতম ন্যায়ালয়ৰ । শুনানি গ্ৰহণৰ সময়ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে চলিচিটৰ জেনেৰেল তুষাৰ মেহটাক প্ৰশ্ন কৰে যে ইমান দিনে বিদেশী আশ্ৰয় শিবিৰৰ প্ৰসংগত কি কৰা হল? কেনেকৈ ৭০,০০০ লোকক বিদেশী বুলি ঘোষণা কৰাৰ পাছত চিনাক্ত কৰা হব?

এপেস্ক কোৰ্টে প্ৰকাশ কৰে যে ৭০,০০০ অবৈধ বিদেশীক চিনাক্ত কৰাৰ পাছত বিচাৰি উলিয়াবলৈ অসম চৰকাৰ বিফল হৈছে আৰু ৰাজ্যত হাজাৰ অধিক অঘোষিত বিদেশী আছে ।

কোৰ্টে অসমৰ মুখ্য সচিবক তীব্ৰ সমালোচনা কৰে। কোৰ্টে অসম মুখ্য সচিবক শুনানিৰ সময়ত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে । নহলে জামিন বিহীন ৱাৰান্ট জাৰি কৰিম নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে । শেষৰটো শুনানিত আদালতে ৰাজ্যিক মুখ্য সচিবক উপস্থিত থাকিবলৈ নিৰ্দেশ দিছিল ।

কোৰ্টে অসমৰ মুখ্য সচিবক তীব্ৰ সমালোচনা কৰাৰ পাছত চলিচিটৰ জেনেৰেল তুষাৰ মেহটাই কোৰ্টক জনাই যে পৰবৰ্তী শুনানিত অসমৰ মুখ্য সচিব উপস্থিত থাকিব।

কোৰ্টে লগতে প্ৰকাশ কৰে যে ইমান লোকৰ মাজৰ পৰা কেনেকৈ অবৈধ বিদেশীক চিনাক্ত কৰাৰ পাছত বিচাৰি উলিয়াব , কি ব্যবস্থা গ্ৰহণ কৰিব সেই সন্দৰ্ভত উত্তৰ দিবলৈ মুখ্য সচিবক কোৰ্টত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে ।

লগতে কোনো পৰীক্ষা-নিৰীক্ষা নোহোৱাকৈ অবৈধ বাংলাদেশীক কেনেকৈ পঠিওৱা হব সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে ।

উচ্চতম ন্যায়ালয়ে ৮ এপ্ৰিলত পৰবৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে ।

অসমৰ বিদেশী আশ্ৰয় শিবিৰৰ অস্বাস্থ্যকৰ পৰিবেশৰ ওপৰত আই এ এচ অথা সমাজকৰ্মী হৰিশ মানদায়ে দাখিল কৰা এক গোচৰত এই শুনানি গ্ৰহণ কৰা হয় ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com