বিলাসীপাৰাত কলিতা জনগোষ্ঠীৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন

বিলাসীপাৰাত কলিতা জনগোষ্ঠীৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন
Published on

নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰাত কলিতা জনগোষ্ঠী সন্মিলন, অসম ধুবুৰী জিলা সমিতিৰ উদ্যোগত বিলাসীপাৰা প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহত প্ৰাঙ্গণত ২৫ অক্টোবৰত দিন জোৰা কাৰ্য্যসূচীৰে ৩১ তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ।

কাৰ্য্যসূচী অনুসৰি ৰাতিপুৱা দহ বজাত পতাকা উত্তোলন, বন্তি প্ৰজ্জ্বলন, স্মৃতি তৰ্পণ, বিলাসীপাৰা চহৰৰ মাজ মজিয়াৰে শোভাযাত্ৰা উলিয়াই আহি দুপৰীয়া ১২ মান বজাত বিলাসীপাৰা প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহত কলিতা জনগোষ্ঠী সন্মিলন, অসম ৩১ তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন উপলক্ষে কলিতা জনগোষ্ঠী সন্মিলন, অসমৰ সভাপতি ড৹ সোনেশ্বৰ কলিতাৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত হয়।

সভাত বিশিষ্ট অতিথি হিচাপে কলিতা জনগোষ্ঠীৰ বিভিন্ন পৰ্য্যায়ৰ নেতা কৰ্মী উপস্থিত থাকি অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক সকলো দিশতে কলিতা জনগোষ্ঠীক সুৰক্ষিত কৰাৰ স্বাৰ্থে ভাষন প্ৰদান কৰে। সভাত বিশিষ্ট অতিথি হিচাপে বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহী য়ে কলিতা জনগোষ্ঠীয় বিভিন্ন সমস্যা ৰাজি চৰকাৰৰ লগত আলো চনা মৰ্মে সমস্যা সমাধান কৰা হ'ব বুলি আস্থা প্ৰদান কৰে। উক্ত সভাত পাঁচ শতাধিকৰ অধিক কলিতা জনগোষ্ঠীয় বিভিন্ন পৰ্য্যায়ৰ নেতা কৰ্মী আৰু মহিলা কৰ্মী উপস্থিত থাকে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com