বিশ্বৰ্কমা পুজা উপলক্ষে নগাঁৱৰ ব্ৰাহ্মনগাঁৱত  "কুমাৰ হৰন"অংকীয়া ভাওনা মঞ্চস্থ

বিশ্বৰ্কমা পুজা উপলক্ষে নগাঁৱৰ ব্ৰাহ্মনগাঁৱত  "কুমাৰ হৰন"অংকীয়া ভাওনা মঞ্চস্থ
Published on

গুৰুজনাৰ অমৰ সৃষ্টীৰাজিক নৱপ্ৰজন্মৰ মাজৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ মানসেৰে নগাঁৱৰ বেবেজীয়াৰ সমীপৰ ব্ৰাহ্মনগাঁও ৰংমন গোষ্ঠী অাৰু ব্যৱসায়ী সন্থাই বিগত বৰ্ষৰ পৰাই বিশ্বকৰ্মা পূজা উপলক্ষে এখনি অংকীয়া ভাঁওনা অনুষ্ঠিত কৰাৰ প্ৰয়াস কৰি আহিছে। এই প্ৰচেষ্টাৰেই সোমবাৰে নিশা অনুষ্ঠিত কৰে "কুমাৰ হৰন" ভাঁওনা।স্হানীয় শিল্পীৰ দ্বাৰা অভিনীত ভাওনাই মুহিলে সমুহ দৰ্শকক। গাঁৱৰ যুৱক যুৱতী সকলৰ মাজতো যে প্ৰতিভা লুকাই থাকে , তাৰে এক নিদৰ্শন দেখা ভাওনাত কৰা সুন্দৰ অভিনয়ৰ যোগেদি।এই অনুষ্ঠানত প্ৰায় সহস্ৰাধিক দৰ্শক উপস্হিত থাকে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com