বঢ়মপুৰ সমষ্টিত বিত্ত তথা গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিদৰ্শন

বঢ়মপুৰ সমষ্টিত বিত্ত তথা গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিদৰ্শন

Published on

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ ৬ টা কাৰ্যকালৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টিৰ জৰাজীৰ্ণ বাট-পথৰ উন্নয়নৰ বাবে দেওবাৰে বঢ়মপুৰ সমষ্টিৰ বিভিন্ন এলেকা পৰিদৰ্শন কৰিলে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীক সংগ দিলে বঢ়মপুৰৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ লগতে ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাস, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাকে ধৰি বহু কেইজন নেতাই ।

মন্ত্ৰী গৰাকীয়ে প্ৰথমে ইতিহাস প্ৰসিদ্ধ ৰত্নাৱলী থানত আৰ্শীবাদ গ্ৰহণ কৰি বুন্দুৰাৰ ৰাম-হনুমান মন্দিৰতো আশীষ লৈ স্থানীয় লোকৰ সৈতে মত-বিনিময় কৰে ।

কামপুৰৰ কপিলী দলঙৰ সমীপৰ পৰা ৰত্নাৱলী থান হৈ আমতলা সংযোগী জৰাজীৰ্ণ পথছোৱা অতি শীঘ্ৰেই নিৰ্মাণ কৰা হব বুলি মন্ত্রী গৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে ।লগতে কপিলী নদীৰ ওপৰত থকা ঠেক দলং খনেৰে যাতায়তৰ সু-ব্যৱস্থা কৰা হব বুলিও আশ্বাস দিয়ে ‌।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com