বৰপেটাত ২৩ এপ্ৰিলত হ’ব লগীয়া নিৰ্বাচনী প্ৰস্তুতি তুংগত

বৰপেটাত ২৩ এপ্ৰিলত হ’ব লগীয়া নিৰ্বাচনী প্ৰস্তুতি তুংগত

২৩ এপ্ৰিলত বৰপেটাত হ’ব লগীয়া লোকসভা (lok sabha) নিৰ্বাচন, সম্প্ৰতি সমষ্টিটোৰ ভোটদাতাসকলৰ কাৰণে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে। সমষ্টিটোৰ প্ৰাৰ্থী এজিপিৰ কুমাৰ দীপক দাস,কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেক আৰু এআইইউডিএফৰ ৰফীকুল ইছলামৰ মাজত হ’ব তীব্ৰ প্ৰতিদ্বন্দিতা ৷ ২০১৪ চনৰ লোকসভা নিৰ্বাচন ক্ষেত্ৰত এআইইউডিএফ, বিজেপি আৰু কংগ্ৰেছৰ মাজত ত্ৰিকোণীয় প্ৰতিদ্বন্দিতা হৈছিল।

অৱশ্যে এইবাৰ এজিপি আৰু বিজেপিয়ে মিত্ৰতা স্থাপন কৰিছে ৷ ২০১৪ চনৰ নিৰ্বাচনৰ এআইইউডিএফৰ প্ৰাৰ্থী চিৰাজুদ্দিন আজমলে বিজেপিৰ প্ৰতিদ্বন্দি প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীক প্ৰায় ৪২,৩৪১ টা ভোটত পৰাজয় কৰি জয়ী লাভ কৰিছিল। চিৰাজুদ্দিন আজমলে লাভ কৰিছিল ৩,৯৪,৭০২ টা ভোট আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে লাভ কৰিছিল ৩,৫২,৩৬১ টা ভোট । ইফালে,কংগ্ৰেছৰ ইছমাইল হুছেইনে লাভ কৰে ২,৭৭,৮০২ টা ভোট ৷ আৰু অসম গণ পৰিষদৰ ফণী ভূষণ চৌধুৰীয়ে লাভ কৰিছিল ৭৩,৭৩৩ টা ভোট ।

অন্যহাতে বৰপেটা নিৰ্বাচনক্ষেত্ৰত নিৰ্বাচনী প্ৰচাৰ সম্প্ৰতি তুংগত উঠিছে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰথমতেই নিৰ্বাচন ক্ষেত্ৰসমূহত প্ৰচাৰ অভিযান কৰিছে।ঠিক তেনেদৰে কংগ্ৰেছ আৰু এআইইউডিএফও পিছ পৰি ৰোৱা নাই। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ সমাপ্ত হ’ব দেওবাৰে বিয়লি পাঁচ বজাত । নিৰ্বাচন ক্ষেত্ৰত ১৩ জন প্ৰাৰ্থী আছে ৷ সেই প্ৰাৰ্থীসকল ভিতৰত বিপিআইৰ চানীৰা পাৰবীন,নেশ্যনেল ৰ’ড পাৰ্টি অৱ ইণ্ডিয়াৰ মতিউৰ ৰহমান,পূৰ্বাঞ্চল জনতা পাৰ্টিৰ অৰুণ বৰুৱা,ভাৰতীয় গণ পৰিষদৰ শান্তনু মুৰ্খাজী,ৰাজবংশী অফ এনপিপিৰ প্ৰণৱজ্যোতি দাস,নিদলীয় প্ৰাৰ্থী আৰফান আলী,টিএমচিৰ আশাক আলী দেৱান,নেশ্যনেল ৰিপ্লাবিকান কংগ্ৰেছৰ ভদ্ৰেশ্বৰ বৰ্মন,এচইউচিআইৰ চিত্ৰলেখা দাস,ৰিপ্লাবিকান পাৰ্টি অৱ ইণ্ডিয়াৰ ৰিজাউল কৰিম ৷

নিৰ্বাচন ক্ষেত্ৰ বৰপেটা,নলবাৰী আৰু বঙাইগাঁৱৰ জিলাত আছে ১০ খন বিধানসভা ক্ষেত্ৰ আছে ৷ নিৰ্বাচন ক্ষেত্ৰৰ ১০ খন বিধানসভাৰ ভিতৰত আছে বঙাইগাওঁ,অভয়াপুৰী দক্ষিণ,অভয়াপুৰী উত্তৰ,পাটাৰকুছী, বৰপেটা,জনিয়া,বাঘবৰ, সৰুক্ষেত্ৰী,চেঙা, আৰু ধৰ্মপুৰ ৷ নিৰ্বাচন ক্ষেত্ৰত আছে ১৬,৭৬,৮৫৪জন ভোটদাতা ৷ইয়াৰে ৮,৬৫,৩০০ জন পুৰুষ আৰু ৮,১১,৫৩৮ গৰাকী মহিলা আৰু ১৬ জন তৃতীয় লিংগৰ ব্যক্তি ৷ অন্যহাতে, দ্য চেন্টিনেলৰ এক বিশেষ টীমে নিৰ্বাচন ক্ষেত্ৰলৈ গৈ ভোটদাতাসকলৰ প্ৰতিক্ৰিয়া জানিব বিছাৰে ৷

মন কৰিবলগীযা যে,বৰপেটা সমষ্টিৰ অধিকাংশ লোক বৰ্তমান সমষ্টিটোৰ সাংসদৰ কাম কাজত সুখী নহয়। নিৰ্বাচন সম্পৰ্কত অগপৰ প্ৰাৰ্থী কুমাৰ দীপক দাসে কয় যে অসম গণ পৰিষদ হৈছে আঞ্চলিক দল ৷ আমি বিশেষকৈ স্বদেশী আৰু অসমীয়া লোকসকলৰ লগত আছো ৷ ৰাজ্যসভাত মোৰ পূৰ্বৰ কাৰ্যকালত সংসদত অসমৰ জলন্ত সমস্যা সমূহৰ বিষয়ে উত্থাপন কৰিছিলো ৷ মই এই নিৰ্বাচন ক্ষেত্ৰত প্ৰত্যেকৰ সমস্যাসমূহক উত্থাপন কৰোঁ ৷ সত্ৰ নগৰী বৰপেতা কৃষ্টি, সংস্কৃতিৰ সমাহাৰ ৷ ইফালে কংগ্ৰেছৰ আব্দুল খালেকে কয় যে যদি সংসদলৈ নিৰ্বাচিত হয় তেন্তে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰিব ৷ ডি ভোটাৰ সকলক কেৱল অসমতেই দেখা যায়। গতিকে মই ইয়াৰ কাৰণে কাম কৰিম ৷

কৃষ্টি,সংস্কৃতিৰ ভৰাঁল হিচাপে বৰপেটাত গঢ়ি তুলিবলৈ চেষ্টা কৰা হ’ব ৷ উল্লেখ্য যে আব্দুল খালেক হৈছে সম্প্ৰতি জনিয়াৰ বিধায়ক । দ্য চেন্টিনেলৰ লগত হোৱা এক সাক্ষাৎকাৰত আনন্দ ৰাম বৰুৱা একাডেমীৰ সহ অধ্যক্ষ ড° ৰঞ্জিত ডেকাই কয় যে, বৰপেটাত বহু স্থানীয় সমস্যা আছে ৷সাংসদ যিয়েই নহওঁক তেওঁ সমষ্টিটোৰ কাৰণে কাম কৰিব লাগিব ৷ এই নিৰ্বাচন ক্ষেত্ৰৰ অন্তৰ্গত বৰপেটা,পাঠশালা, নলবাৰী, বঙাইগাঁও হৈছে সংস্কৃতি,শিক্ষা,ব্যৱসায়,ক্ষত্ৰিয় সংস্কৃতিৰ সম্ভাৰ ৷গতিকে সকলো জনসাধাৰণে বৈঠকৰ জৰিয়তে একত্ৰিত হৈ সাংসদ নিৰ্বাচিত কৰিব পাৰে ৷হৰ কুমাৰ দাস নামৰ এজন ব্যৱসায়ীয়ে কয় যে আমাক এনে এজন সাংসদৰ আৱশ্যক যিয়ে অসমৰ সমস্যাসমূহক উত্থাপন কৰিব পাৰে । ভোটদাতাই এজন শিক্ষিত আৰু যোগ্য প্ৰাৰ্থীক ভোটদান কৰিব লাগে ৷ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন হ’ব ২৩ এপ্ৰিলত। আৰু নিৰ্বাচনত অন্তিম হাঁহি কোনে মাৰিব নিৰ্ণয় হ’ব ২৩ মে’ত।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com