মঙলদৈ ৰাজীৱ ভৱনত প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈৰ সংবাদ মেল 

মঙলদৈ ৰাজীৱ ভৱনত প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈৰ সংবাদ মেল 
Published on

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত মঙলদৈ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদ মেলত দেশৰ প্ৰতিৰক্ষা বিভাগত ৰাফাল বিমান ক্ৰয়ত ৪১ হাজাৰ দুশ পাঁচ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ তুলি বিষয়টো যুটীয়া সংসদীয় কমিটিৰ জৰিয়তে তদন্ত কৰিবলৈ কংগ্ৰেছ দলে দাবী জনায়। প্ৰাক্তন মন্ত্ৰী তথা অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি প্ৰদ্যুৎ বৰদলৈয়ে সংবাদ মেল সম্বোধন কৰি বিজেপি দল আৰু চৰকাৰক তীব্ৰ সমালোচনা কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপি দলৰ সৰ্বভাৰতীয় সভাপতি অমিত শ্বাহে দেশজুৰি এক হাহাকাৰ আৰু অচলাবস্থাৰ সৃষ্টি কৰা বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। স্বাধীনোত্তৰ কালত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শেহতীয়াভাৱে " ৰাফাল বিমান" ক্ৰয় কৰাৰ নামত ৫০ হাজাৰ কোটিৰো অধিক ধনৰ কেলেংকাৰী সংঘটিত কৰি অভিলেখ গঢ়া বুলি কংগ্ৰেছ নেতাগৰাকীয়ে উল্লেখ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com