মন কী বাত অনুষ্ঠানটো চৰকাৰক প্ৰশংসা কৰা অনুষ্ঠান নহয় :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

মন কী বাত অনুষ্ঠানটো চৰকাৰক প্ৰশংসা কৰা অনুষ্ঠান নহয় :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

জনপ্ৰিয় অনুষ্ঠান "মন কী বাত"ত দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে, মন কী বাত অনুষ্ঠানটো চৰকাৰক প্ৰশংসা কৰা অনুষ্ঠান নহয় ৷ অথবা নিজকে জাহিৰ কৰা অনুষ্ঠান নহয় ৷ মই মোৰ সিদ্ধান্তত অটল আৰু অবিচলিত হৈ থকাৰ সাহস পাইছো আপোনা লোকৰ পৰা ৷ লগতে প্ৰধানমন্ত্ৰী মোডীয়ে কয় মন কী বাত ৰাইজৰ,ৰাজনীতিৰ নহয় ৷

ইফালে, দেওবাৰে মোডীৰ মন কী বাতে ৫০ টা খণ্ড অতিক্ৰম কৰিলে ৷ এই অনুষ্ঠানত মোডীয়ে কয় যে, মোডী আহিব আৰু যাব কিন্তু দেশ একেই থাকিব ৷ একেই থাকিব আমাৰ সংস্কৃতি৷ ১৩০ কোটি ভাৰতীয়ৰ সৰু সৰু কাহিনী ভৱিষ্যতলৈ জীৱিত হৈ থাকিব ৷ লগতে দেশৰ প্ৰত্যেকটো স্তৰক এখোগ আগুৱাই নিব ৷ লগতে সমাজৰ সকলো লোক স্তৰৰ লোকসকল একেলগ হৈ আগবাঢ়ি যাব ৷ ইফালে নতুন প্ৰজন্মক আগুৱাই যাবলৈ উৎসাহ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে আজিৰ যু্ৱ প্ৰজন্ম সকলো দিশত আগবঢ়া৷ তেওঁলোকৰ সকলো সময়তে ব্যস্ত হৈ থাকে ৷ যাৰ কাৰণে তেওঁলোক সকলো ক্ষেত্ৰতে আগবাঢ়ি গৈছে ৷

অন্যহাতে ৫০ সংখ্যক মন কী বাত অনুষ্ঠানে দেশৰ জনসাধাৰণৰ মাজত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে একতা,ইতিহাস,সংস্কৃতি বৰ্তাই ৰখাৰ বাবে বিশেষ ভূমিকা লোৱাৰ কথা উল্লেখ কৰে ৷ ছ’চিয়েল মিডিয়াৰ সৈতে দেশৰ প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ নৱ প্ৰজন্মৰ সৈতে বাৰ্তালাপ কৰা কথা কয় ৷লগতে কয় যে ইয়াৰ দ্বাৰা প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ নতুন প্ৰজন্মৰ ধ্যান ধাৰনাৰ বিষয়ে জনিবলৈ চেষ্টা কৰে ৷

উল্লেখ্য যে ,দেওবাৰে মন কী অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডীয়ে বিভিন্ন প্ৰসংগৰ কথা উল্লেখ কৰিলে ৷ লগতে মন কী বাত অনুষ্ঠানটিৰ জৰিয়তে দেশৰ সাধাৰণ জনতাক একত্ৰিত কৰা প্ৰসংগক উত্থাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

অন্য খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com