মাছুদ আজাহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণাত পুনৰ বাধা

মাছুদ আজাহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণাত পুনৰ বাধা

ৰাষ্ট্ৰসংঘ সুৰক্ষা পৰিষদত পুনৰ চীনে পাকিস্তানৰ পক্ষ ল'লে । জেইছ ই-মহম্মদৰ মুৰব্বী সন্ত্ৰাসবাদী মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণাৰ প্ৰস্তাৱত চীনৰ বাধা। চতুৰ্থ বাৰৰ বাবে চীনে মাছুদ আজহাৰ পক্ষত থিয় হল । ভেটোৰ শক্তি ব্যৱহাৰ কৰি মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণাৰ পৰা ৰক্ষা কৰিলে চীনে । পুলোৱামা আক্ৰমণৰ পাছত আমেৰিকাৰ, ফ্ৰান্স আৰু বৃটেইনে মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিবলৈ ৰাষ্ট্ৰসংঘ সুৰক্ষা পৰিষদত প্ৰস্তাৱ দিছিল । কিন্তু চীনে এই প্ৰস্তাৱত সমৰ্থন নকৰিলে ।

মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণাত চীনৰ বাধা প্ৰদানক ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে নিৰাশাজনক বুলি প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে ৰাষ্ট্ৰসংঘ সুৰক্ষা পৰিষদৰ ফলাফলক লৈ ভাৰত অসন্তুষ্ট । এই পদক্ষেপৰ যোগেদি জেইছ ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰৰ লগতে জেইছ ই-মহম্মদৰ সন্ত্ৰাসবাদী সংগঠনৰ কাৰ্যকলাপ ৰোধ কৰিবলৈ সক্ষম হল হয় । যিহেতু ১৪ ফেব্ৰুৱাৰীত পুলোৱামা ত সংঘটিত বৰ্বৰ আক্ৰমণৰ দায়িত্ব জেইছ ই-মহম্মদে স্বীকাৰ কৰিছিল । লগতে যি কেইখন ৰাষ্ট্ৰয়ে ভাৰতক সমৰ্থন কৰি আহিছে আৰু প্ৰস্তাৱ সমৰ্থন কৰিছে তেওঁলোকৰ প্ৰতি ভাৰত কৃতজ্ঞ। লগতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতে যুদ্ধ অব্যাহত ৰাখিব বুলি প্ৰকাশ কৰে ।

১০ বছৰত ধৰি চীনে মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ বুলি ঘোষণা কৰাত বাধা আৰোপ কৰি আহিছে । ভাৰতে সংসদ ভবন আক্ৰমণৰ পাছৰ পৰাই ৰাষ্ট্ৰসংঘৰ মজিয়া ত জেইছ ই-মহম্মদৰ মুৰব্বীক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ বুলি ঘোষণা কৰিবলৈ প্ৰস্তাৱ দি আহিছিল । পুৰ্বেতে ৩ বাৰ এই প্ৰস্তাৱ উত্থাপন কৰি অহাৰ পাছতো চীনৰ বাধাত আজি পৰ্যন্ত হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰি অহা মাছুদ আজাহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ বুলি ঘোষণা কৰা হোৱা নাই ।

উল্লেখযোগ্য যে পুলোৱামা আক্ৰমণৰ পাছত বিশ্বৰ ১১ খন দেশই জেইছ ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰ আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ বুলি ঘোষণা কৰি বলৈ সমৰ্থন আগবঢ়াইছে । চীনৰ বাদে ৰাষ্ট্ৰসংঘ সুৰক্ষা পৰিষদৰ প্ৰায়বোৰ দেশেই মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ বুলি ঘোষণা কৰিবলৈ ভাৰতক সমৰ্থন আগবঢ়াইছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com