"মোডীৰ হাতৰ পুতলা চি বি আই" অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংবাদমেলত প্ৰদ্যুৎ বৰদলৈৰ মন্তব্য।

"মোডীৰ হাতৰ পুতলা চি বি আই" অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংবাদমেলত প্ৰদ্যুৎ বৰদলৈৰ মন্তব্য।
Published on

ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ জেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈয়ে সাৰদা কেলেংকাৰী, লুইচ বাৰজাৰ, উত্তৰ কাছাৰ পাৰ্বত্য জিলা, চি বি আই লগতে বহুকেইটা দিশ উল্লেখ কৰে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ কেলেংকাৰী কথা অভিহিত কৰি কয় যে যেতিয়াই হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰিলে তেতিয়াৰ পৰাই চি বি আই য়ে এই তদন্ত লেহেমীয়া কৰি তুলিছে। মোডীয়ে চি বি আইক হাতৰ পুতলা কৰি ব্লেকমেইল কৰিছে। দেওবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অভিযোগ কৰে যে অসমৰ মন্ত্ৰী শ্রী হিমন্ত বিশ্ব শৰ্মাই সাৰদা কেলেংকাৰীত জড়িত আছিল। কিন্তু সেই কথা চি বি আইয়ে একো পদক্ষেপ গ্ৰহণ কৰা নাই।

"হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত সাৰদা কেলেংকাৰী সংঘটিত হৈছিল। লুইচ বাজাৰ কেলেংকাৰীতো হিমন্ত বিশ্ব শৰ্মাৰ নাম সাঙুৰ আছে। হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত কিমান হিন্দু ধৰ্মৰ লোক আছে কিমান মুছলমান ধৰ্মৰ লোক আছে সেইবিলাক হিচাপ কৰি সাম্প্ৰদায়িক মেৰুpবিভাঁজনৰ এক নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰিছে।" এই মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে।

আনহাতে মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেক বিজেপি আৰু আৰ এছ এছ য়ে মহাত্মা আখ্যা দিয়াতো অতিশয় দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰেপ্ৰদ্যুৎ বৰদলৈয়ে। আৰু তাৰ প্ৰতিবাদত নাথুৰাম গডছে অনুগামীৰ পুত্তলিকা দাহ কৰি ৰাজীৱ ভৱনৰ সন্মুখত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰে।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com