মোদীৰ আত্মজীৱনী মুলক ছবিৰ ওপৰত শুনানি সোমবাৰে গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

Published on

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মজীৱনী মূলক ছবিৰ মুক্তিৰ সন্দৰ্ভত কংগ্ৰেছে দিয়া গোচৰৰ শুনানি উচ্চতম ন্যায়ালয়ে সোমবাৰে গ্ৰহণ কৰিব ।

৮ এপ্ৰিলত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মজীৱনী মূলক ছবি প্ৰকাশে লোকসভা নিৰ্বাচনৰ যথেষ্ট প্ৰভাব পেলাব ।

পুৰ্বতে দিল্লী আৰু মুম্বাই উচ্চ ন্যায়ালয়ে ছবি খনৰ নাম ' পিএম নৰেন্দ্ৰ মোদী' সন্দৰ্ভত উত্থাপন কৰা অভিযোগত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকে।

পুনৰ কংগ্ৰেছ নেচনেল মেডিয়া পেনেলৰ সদস্য সকলে বৃহস্পতি বাৰে এখন আবেদন কৰিছিল । কংগ্ৰেছৰ মুখপাত্ৰ আমান পানৱাৰে দাখিল কৰা আবেদনৰ খন ন্যায়াধীশ এচ এ ব'ব্দ, ন্যায়াধীশ এচ আব্দুল নাজীৰ আৰু ন্যায়াধীশ ইন্দ্ৰিৰা বেনাৰ্জী বিচাৰপীঠে গ্ৰহণ কৰি ৮ এপ্ৰিলত শুনানি গ্ৰহণ কৰিৰ বুলি প্ৰকাশ কৰিছে । আবেদন খনত নিৰ্বাচনত বিৰোপ প্ৰভাৱ পেলাব বুলি অভিযোগ উত্থাপন কৰিছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মজীৱনী মূলক ছবি খন ৫ এপ্ৰিলত প্ৰকাশ হোৱাৰ কথা আছিল ।

নিকা আৰু গনতান্ত্ৰীক লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এই ছবি খনৰ মুক্তিয়ে প্ৰভাৱ পেলাব বুলি জেষ্ঠ পৰামৰ্শদাতা অভিশেক মাণো সিঙবিয়ে কোৰ্টক অবগত কৰে। ছবিখন শাসক দলৰ ৩ জন সদস্যয়ে প্ৰযোজনা কৰিছে। কোৰ্টে আবেদন খন প্ৰথমে উচ্চ ন্যায়ালয়ত দাখিল কৰা প্ৰসংগত সিঙবিয়ে কয় যে ইতিমধ্যে দিল্লী আৰু বোম্বে উচ্চ ন্যায়ালয়ে আবেদন খন খাৰিচ কৰিছে। এই আবেদন খনতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মজীৱনী মূলক ছবি "পিএম নৰেন্দ্ৰ মোদী" মুক্তি স্থগিত ৰাখিবলৈ আবেদন কৰিছিল ।ছবিখনৰ ৩ জন পযোজক ভাৰতীয় জনতা পাৰ্টিৰ। অভিনেতা বিবেক অবেৰই অভিনয় কৰিছে এই ছবিখনত|

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com