ম্যানমাৰত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কৃষকৰ বাবে মুকলি কৰিলে মোবাইল এপ

ম্যানমাৰত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কৃষকৰ বাবে মুকলি কৰিলে মোবাইল এপ
Published on

ম্যানমাৰ ভ্ৰমণৰত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বুধবাৰে ম্যানমাৰৰ কৃষক সকলৰ কাৰণে মোবাইল এপ মুকলি কৰে। কৃষি গবেষণা আৰু শিক্ষাৰ বাবে দেশ বাসীৰ হাতত মুকলি কৰা নতুন প্ৰযুক্তি বিধ উৎসৰ্গা কৰে ৰাষ্ট্ৰপতি গৰাকীয়ে।ৰামনাথ কোবিন্দে ম্যানমাৰ ভ্ৰমণৰ সময়ত ভাৰতৰ দ্বিপাক্ষিক বৈদেশিক নীতি "পূৱলৈ চোৱা নীতি" আৰু "ওচৰ চুবুৰীয়া প্ৰথম নীতি" সম্বন্ধে ম্যানমাৰৰ চৰকাৰৰ লগত আলোচনাত মিলিত হয়। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰাবিশ কুমাৰে জনাই যে ৰাষ্ট্ৰপতি কোবিন্দে য়েজেনত থকা ম্যানমাৰ কৃষি বিশ্ববিদ্যালয়ে নিৰ্মান কৰি উলিওৱা কৃষিপ্ৰযুক্তি বিষয়ক প্ৰযুক্তি বিধ মুকলি কৰে।ম্যানমাৰৰ কৃষক সকলৰ সুবিধাৰ কাৰণে ভাৰত চৰকাৰৰ সহযোগত নিৰ্মান কৰি উলিওৱা প্ৰযুক্তি বিধ শস্য চপোৱাৰ পিছত, কৃষিৰ বংশগত গবেষণাৰ কাৰণে ব্যৱহাৰ কৰা হব।ভাৰত চৰকাৰে ওচৰ চুবুৰীয়া দেশৰ লগত দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰা কাৰণে বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছে। ৰামনাথ কোবিন্দে য়াজিন কৃষি বিশ্ববিদ্যালয়ত থকা জৈবিক ধানৰ উদ্যানখনো ম্যানমাৰৰ জনসাধাৰণৰ নামত উৎসৰ্গা কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com