লংকাৰ এগৰাকী কিশোৰীক ৰাজস্থানৰ পৰা উদ্ধাৰ

লংকাৰ এগৰাকী কিশোৰীক ৰাজস্থানৰ পৰা উদ্ধাৰ
Published on

হোজাই জিলাৰ লামডিং মানৱ দেহ সৰবৰাহী চক্ৰৰ অন্যতম ঘাটি হৈ পৰাৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ।বিগত জানুৱাৰী মাহত লংকাৰ খাৰিখানাৰ এজনী কিশোৰীক মাতৃ, পুত্ৰৰ সৈতে কৌশলেৰে লামডিঙলৈ নি ,লামডিঙৰ পৰা ৰাজস্থানৰ জয়পুৰত চাৰি লাখ টকাত বিক্ৰি কৰাৰ পিছত প্ৰায় ৮ মাহৰ অন্ততঃ জয়পুৰৰ চাইল্ড লাইনৰ জৰিয়তে উদ্ধাৰ কৰাৰ পিছতেই এই মানৱ দেহ সৰবৰাহ চক্ৰৰ এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহে ।কিশোৰী গৰাকী উদ্ধাৰ হোৱাত গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰে লংকাৰ তাজ উদ্দাম নামৰ এজন যুৱকে ।দৰিদ্ৰ পৰিয়ালৰ বহু কিশোৰী যুৱতী এনে চক্ৰৰ কৱলত পৰি ৰাজস্থানৰ বিভিন্ন ঠাইত আৱদ্ধ হৈ থকা বুলিও লংকাৰ কিশোৰীগৰাকীক উদ্ধাৰ কৰি অনা যুৱক,লংকাৰ তাজউদ্দিনে জানিব দিছে ।ৰাজস্থানত যৌধপুৰত থাকি লামডিঙৰ এগৰাকী মহিলা আৰু এজন যুৱকে এই মানৱ দেহ সৰবৰাহী কাৰবাৰ পৰিচালনা কৰি আহিছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com