লোকসভা নিৰ্বাচনত চৰম পৰাজয়ৰ পাছত ৩ জন কংগ্ৰেছী নেতা পদত্যাগ পত্ৰ প্ৰেৰণ

লোকসভা নিৰ্বাচনত চৰম পৰাজয়ৰ পাছত ৩ জন কংগ্ৰেছী নেতা পদত্যাগ পত্ৰ প্ৰেৰণ
Published on: 

আজি তিনি জন জেষ্ঠ কংগ্ৰেছী নেতাই কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। উত্তৰ প্ৰদেশ , উৰিষ্যা আৰু কৰ্ণাটকৰ তিনি জন জেষ্ঠ কংগ্ৰেছী নেতাই লোকসভা নিৰ্বাচনত দলৰ চৰম ফলাফলৰ বাবে ৰাহুল গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে।

উত্তৰ প্ৰদেশৰ মুখ্য ৰাজ বাব্বাৰে আজি পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। ৰাজ্য খনৰ মাত্ৰ এটা সমষ্টি ৰায়বাৰেলিৰ পৰা ছুনিয়া গান্ধীয়ে জয় লাভ কৰাৰ পাছতে পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। বাব্বাৰে ফাটেহপুৰ চিক্ৰিৰ পৰা প্ৰতিদন্দ্বিতাৰ আগবঢ়াইছিল ।কিন্তু প্ৰায় ৫ লাখ ভোটৰ ব্যবধানত বিজেপিৰ প্ৰাৰ্থীৰ হাতত পৰাজিত হয় বাব্বাৰ।

আনহাতে কৰ্ণাটকৰ কংগ্ৰেছৰ নেতা এইচ কে পাটিলে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। এইচ কে পাটিলে কংগ্ৰেছৰ হৈ যথেষ্ট নিৰ্বাচনী প্ৰচাৰ চলাইছিল ।

উৰিষ্যাৰ কংগ্ৰেছৰ মুখ্য নিৰঞ্জন পাটনায়কে ইতিমধ্যে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে । কংগ্ৰেছে ৯ খন বিধানসভা আসন আৰু এখন লোকসভা আসনত জয় হোৱাৰ পাছতে পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। পাটনায়কে বিধান সভাৰ দুখনকৈ আসন হেৰুৱাৰ লগতে তেওঁৰ পুত্ৰয়ে লোকসভা আসনত প্ৰতিদন্দ্বিতাৰ কৰি পৰাজিত হয় ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com