লোকসভা নিৰ্বাচনে প্ৰভাৱ পেলাব নোৱাৰিব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত।

লোকসভা নিৰ্বাচনে প্ৰভাৱ পেলাব নোৱাৰিব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত।

সমাগত লোকসভা নিৰ্বাচন ৷ কিন্তু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC ) আৰু নিৰ্বাচন একেলগে আগবঢ়াই নিব। নেশ্যনেল গৰ্বণমেন্ট অব চিটিজেনশ্বিপ ইণ্ডিয়াত কাম কৰা বিষয় ববীয়া সকলক নিৰ্বাচনৰ দায়িত্বৰ পৰা আঁতৰত ৰখা হ’ব ৷ নিৰ্বাচন আয়োগ,অসম আৰু এনআৰচি প্ৰাধিকৰণে এই সম্বন্ধে এক তালিকা প্ৰস্তুত কৰা হৈছে ৷ইফালে এনআৰচি অৰ্থাৎ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দাবী আপত্তিৰ দিন ঘোষণা কৰা হৈছে ১৫ ফ্ৰেব্ৰুৱাৰীৰ পৰা ৷ ফ্ৰেব্ৰুৱাৰী ১ তাৰিখৰ পৰা এনআৰচিৰ কাম ক্ষিপ্ৰ গতি হৈছে।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ৰাজ্য চৰকাৰে এনআৰচিৰ কাৰণে ৩,৪৫৭ গৰাকী বিষয়াক নেশ্যনেল অথৰিটী অফ চিটীজেন অফ ইণ্ডিয়াৰ অথৰিটী প্ৰদান কৰিছে ৷ উচ্চতম ন্যায়ালয়ৰ নতুন নিয়ম অনুসৰি নিৰ্বাচনৰ সম্বন্ধীয় কামে যাতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কামত প্ৰভাৱ পেলাব নোৱাৰিব ৷ইফালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত ব্যস্ত থকা কোনো বিষয়াই যাতে নিৰ্বাচনৰ কামত নিয়োজিত হ’ব নোৱাৰিব। ৩৬.২ লাখ দাবী আৰু ২ লাখ আপত্তিৰ কাৰণে আবেদন দিয়া হৈছে ৷ আৰু অন্তিম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ তালিকা ৩১ জুলাইত প্ৰকাশিত হ’ব ৷ এই দাবী আপত্তিৰ শুনানিৰ প্ৰক্ৰিয়া মে’ৰ শেষত অথবা জুনৰ মধ্য ভাগত সম্পূৰ্ণ হোৱাটো আশা কৰিব পাৰি ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com