শ্ৰীলংকাৰ ভয়াবহ বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আইছিছৰ (ISIS)

শ্ৰীলংকাৰ ভয়াবহ বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আইছিছৰ (ISIS)
Published on

দেওবাৰে শ্ৰীলংকাত সংঘটিত হোৱা ভয়াবহ বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে দুধৰ্ষ ইছলামী সন্ত্ৰাসবাদী সংগঠনৰ আইছিছে। শ্ৰীলংকাৰ কলম্বোৰ লগতে বিভিন্ন প্ৰান্তত সংঘটিত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণত ৩০০ জনৰো অধিক লোক নিহত হোৱাৰ লগতে ৫০০ জনৰো অধিক লোক আহত হৈছিল । প্ৰথমতে শ্ৰীলংকায়ে এই বৰ্বৰ আক্ৰমণ স্থানীয় ইছলামীক সংগঠন নেচনেল থৌহিঠ জামা'থে সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছিল ।

আমেৰিকা ইন্টেলিজেনচ সুত্ৰয়ে পুৰ্বতে প্ৰকাশ কৰিছিল যে আইছিছে এই বিস্ফোৰণে সংঘটিত কৰিছিল । আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞে কৈছিল যে শ্ৰীলংকাৰ স্থানীয় সংগঠনে আক্ৰমণ সংঘটিত কৰিছিল যদিও এই ঘটনাৰ লগত আইছিছ জড়িত হৈ আছে।

দেওবাৰৰ এই বৰ্বৰ আক্ৰমণৰ ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত বৰ্তমানলৈকে প্ৰায় ৪০ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

দেওবাৰে শ্ৰীলংকাত ৬ টা শক্তিশালী বোমা বিস্ফোৰণ সংঘটিত হোৱাৰ ২ ঘন্টাৰ পিছত পুনৰ দুটা সংঘটিত হৈছিল ।দেওবাৰে সন্ত্ৰাসবাদীয়ে তিনিটা গীৰ্জা আৰু ৩ খন হোটেলত আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল ।বিস্ফোৰণ সংঘটিত হোৱাৰ লগতে সোমবাৰে কলম্বোৰ গীৰ্জাৰ ওচৰত এখন ভেনত বোমা বিস্ফোৰণ সংঘটিত হয় । লগতে আৰক্ষীয়ে বাসস্থানৰ পৰা ৮৭ বোমা উদ্ধাৰ কৰে।

দেওবাৰে সংঘটিত বোমা বিস্ফোৰণত ইষ্টাৰ দেওবাৰে নিহত ভাৰতীয় সকলৰ ভিতৰত ৪ জন জে ডিৰ সদস্য নিহত হৈছে বুলি প্ৰকাশ কৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচ ডি কুমাৰাস্বামীয়ে । এই বিস্ফোৰণত বহুতো বিদেশী নিহত হোৱাৰ লগতে ১০ জন ভাৰতীয় নিহত হৈছিল ।নিহত ৩০০ সকলৰ ভিতৰত প্ৰায় ৪৫ টা শিশু আছিল ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com