সতীনাথ বাৰালক গ্ৰেপ্তাৰৰ দাবী দৰং জিলা সাহিত্য সভাসহ ১৪ টা দল-সংগঠনৰ

সতীনাথ বাৰালক গ্ৰেপ্তাৰৰ দাবী দৰং জিলা সাহিত্য সভাসহ ১৪ টা দল-সংগঠনৰ
Published on

পতঞ্জলী যোগপীঠৰ যোগ নিৰীক্ষক সতীনাথ বাৰালৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল দৰং জিলা সাহিত্য সভাৰ নেতৃত্বত ১৪ টাকৈ দল- সংগঠন । জিলাখনৰ দুনীৰ ভেৰুৱা অঞ্চলত যোৱা ২৯ ছেপ্টেম্বৰত যোগ নিৰিক্ষক বাৰালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু নামঘোষা সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ পিছতে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এনে পৰিপ্ৰেক্ষিতত আজি দৰং জিলা সাহিত্য সভা প্ৰেক্ষাগৃহত হোৱা এক সংবাদমেলত দৰং জিলা সাহিত্য সভাৰ সভাপতি ডঃ ৰাম চন্দ্ৰ ডেকাই সতীনাথ বাৰালক তথাকথিত গুৰু বুলি আখ্যা দি কয় যে প্ৰকৃত গুৰুৱে আন যিকোনো গুৰুক অপমান নকৰে।কোনোবাই বাৰালক পৰিকল্পিতভাৱে নিয়োগ কৰাৰো তেওঁ সন্দেহ প্ৰকাশ কৰে।

সংবাদ মেলত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰং জিলা সমতিৰ সভাপতি বদন শইকীয়াই শংকৰদেৱৰ বিৰুদ্ধে কটু মন্তব্য প্ৰকাশ কৰাৰ পিছতো অসমৰ মানুহ একত্ৰিত হব পৰা নাই বুলি আক্ষেপ প্ৰকাশ কৰি কয় যে, ৰামদেৱে যোগৰ মাধ্যমেৰে ব্যৱসায় গঢ়ি তুলিছে যাৰ বাবে যোগৰ মূল উদ্দেশ্যৰ পৰা ই ফালৰি কাটি অহা দেখা গৈছে। আনহাতে একশৰণ ভাগৱতী সমাজৰ দৰং জিলা শাখাৰ সম্পাদক ৰমনী ৰাজবংশীয়ে ৰামদেৱক গেৰুৱা বসন পৰিহাৰ কৰাৰ আহ্বান জনাই তেওঁক ব্যৱসায়ী বুলি অভিহিত কৰে। ৰামদেৱে গেৰুৱা বসনক অপমান কৰিছে বুলিও তেওঁ মত পোষণ কৰে।

সংবাদ মেলখনত অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক শৈলেন ৰাজবংশী, মুখপাত্ৰ চহিৰ ভূঞা, আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অৰূপ কলিতা, একশৰণ নামধৰ্ম সমাজৰ যাদব পাঠক, দুনী আঞ্চলিক ছাত্ৰ সন্থাৰ দুলাল কলিতা, ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ চম্পক শৰ্মা উপস্থিত থাকে । আটাইকেইটা সংগঠন মিলি জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ তিনিটা প্ৰস্তাৱ প্ৰেৰণ কৰে। তাৰ ভিতৰত সতীনাথ বালাৰক গ্ৰেপ্তাৰ কৰা, ঘটনাৰ উচিত তদন্ত নোহোৱা পৰ্যন্ত পতঞ্জলীৰ ব্যৱসায় বাণিজ্য বন্ধ ৰখাৰ দাবী জনোৱাৰ লগতে ১৫ অক্টোবৰৰ ভিতৰত সতীনাথ বাৰলক গ্ৰেপ্তাৰ নকৰিলে অথবা নিজে আহি ভেৰুৱা অঞ্চলত ক্ষমা নুখুজিলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লবলৈ দল সংগঠন বাধ্য হব বুলি সকীয়াই দিয়ে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com