সমগ্ৰ অসমবাসীক গৰ্বিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্ত্ৰী সভাত স্থান লাভ ৰামেশ্বৰ তেলীৰ

সমগ্ৰ অসমবাসীক গৰ্বিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্ত্ৰী সভাত স্থান লাভ ৰামেশ্বৰ তেলীৰ
Published on

সমগ্ৰ অসমবাসীক গৰ্বিত কৰি ডিঙিত অসমীয়া সন্মান গামোচা আৰু কুৰ্তা পৰিধান কৰি চাহ জনগোষ্ঠীৰ ৰামেশ্বৰ তেলীয়ে বৃহস্পতি বাৰে বিয়লি নৰেন্দ্ৰ মোডীৰ মন্ত্ৰীসভাত শপত গ্ৰহণ কৰে ৷ বিগত লোকসভা নিৰ্বাচনত জয় লাভ কৰা ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীক বৃহস্পতিবাৰে ৮.৫০ বজাত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি ৰামনাথ কৌৱিন্দই শপত গ্ৰহণ কৰোৱাই ৷

ইফালে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা একেৰাহে দ্বিতীয়বাৰৰ বাবে জয়ী হৈ অহা তেলীয়ে ২০০১ চনত প্ৰথমবাৰলৈ দুলীয়াজান সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈ আহিছিল।বিগত লোকসভা নিৰ্বাচনত ৰামেশ্বৰ তেলীয়ে কংগ্ৰেছ দলৰ প্ৰতিদ্বন্দী পৱন সিং ঘাটোৱাৰক ৩,৬৪,৫৬৬ ভোটত পৰাজয় কৰে ৷

অন্যহাতে, উত্তৰ পূবৰ প্ৰাৰ্থীসকলৰ ভিতৰত ৰামেশ্বৰ তেলীয়ে ৬,৫৭,৯৮৩ ভোটেৰে শীৰ্ষস্থান লাভ কৰে ।উল্লেখ্য যে,১৯৭০ চনৰ ১৪ আগষ্টত ডিব্ৰুগড় জিলাৰ দুলীয়াজানত জন্ম গ্ৰহণ কৰিছিল ৰামেশ্বৰ তেলীয়ে ৷দুলীয়াজানৰ স্বৰ্গীয় বুধু তেলী আৰু দুকলা তেলীৰ পুত্ৰ ৰামেশ্বৰ তেলী ৷

ৰাজনীতিলৈ অহাৰ প্ৰাকমূহুৰ্তত অসম চাহ জনজাতি ছাত্ৰ সংগঠনৰ মুখ্য সম্পাদক আছিল নৱ নিৰ্বাচিত ৰাজ্যিক মন্ত্ৰী তেলী ৷ লগতে বিভিন্ন সামাজিক সংগঠনৰ সদস্য আছিল ৷শপত গ্ৰহণৰ প্ৰাকমুহুৰ্তত ৰামেশ্বৰ তেলীয়ে সংবাদ মাধ্যমৰ সন্মুখত জনসাধাৰণৰ সেৱাৰ কাৰণে সাজু আছে বুলি মন্তব্য কৰে।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com