
আৰক্ষী কিম্বা আবকাৰী বিভাগ নহয় সোণাৰিত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযানত নামিল একাংশ চাহ শ্ৰমিক মহিলা।সোণাৰিৰ টিয়ক চাহ বাগিছাত মহিলাৰ অবৈধ সুৰাৰ বিৰুদ্ধে এনেদৰে অভিযানত নামি পৰিল।টিয়ক বাগিছাৰ উড়িয়া আৰু ৰাছি লাইনত এই অভিযান মহিলা সকলে অভিযান চলাই বহু পৰিমাণে অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হয়। অবৈধ মদ ব্যৱসায়ীৰ সৈতে খণ্ডযুদ্ধ লিপ্ত অভিযানকাৰী মহিলাৰ সকল।অৱশেষত সোণাৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে জব্দ কৰিছে বুজন পৰিমানৰ সুৰা।