সোনকালে পাঠ্যপুথি প্ৰদান কৰিবলৈ দিচপুৰক দাবী ছাত্ৰ সন্থাৰ

সোনকালে পাঠ্যপুথি প্ৰদান কৰিবলৈ দিচপুৰক দাবী ছাত্ৰ সন্থাৰ
Published on

আগষ্টৰ ১ তাৰিখৰ পৰা উচ্চতৰ মাধ্যমিকৰ পাঠদান আৰম্ভ হৈছে কিন্তু শিক্ষাৰ্থী সকলে এতিয়ালৈকে কিন্তু ৰাজ্য চৰকাৰে তেওঁলোকৰ প্ৰতিশ্ৰুতি অনুসৰি পাঠ্যপুথি যোগান ধৰা নাই।আনহে নালাগে গুৱাহাটী মহানগৰৰ বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাৰ্থী সকলেও এতিয়ালৈকে পাঠ্যপুথি নোপোৱাত সদৌ অসম ছাত্ৰ সন্থা জাঙুৰ খাই উঠিছে।সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিন জ্যোতি গগৈয়ে কয় যে গুৱাহাটী মহানগৰৰ শিক্ষাৰ্থী সকলেই যদি চৰকাৰৰ পৰা বিনামূলীয়া পাঠ্যপুথি লাভ কৰা নাই তেতিয়া ৰাজ্যৰ অন্য ঠাইৰ শিক্ষাৰ্থী সকলৰ কি অৱস্থা হব।সংগঠনটোৰ দুজন নেতাই অতি সোনকালে ৰাজ্যৰ শিক্ষাৰ্থী সকলক চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি বিনামূলীয়া পাঠ্যপুথি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com