হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সন্দৰ্ভত লোৱা সিদ্ধান্তক পৰিৱৰ্তন ছেবাৰ

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সন্দৰ্ভত লোৱা সিদ্ধান্তক পৰিৱৰ্তন ছেবাৰ
Published on

ছেবাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল,নিশা ঘোষণা কৰাৰ যি সিদ্ধান্ত লৈছিল, সেই সিদ্ধান্ত সম্প্ৰতি নাকচ কৰিছে ৷ ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে শনিবাৰে সংবাদ মাধ্যমৰ সন্মুখত কয় যে ছেবাৰ কৰ্তৃপক্ষই নিশা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সিদ্ধান্ত লৈছিল যদিও বিভিন্ন পৰীক্ষাৰ্থী, অভিভাৱকসকলৰ প্ৰতিক্ৰিয়ালৈ লক্ষ্য কৰি এই সিদ্ধান্তক বাতিল কৰে ৷

নিশা ফলাফল ঘোষণা কৰাটো প্ৰসংগটো অনুকুল নহয়। লগতে ৰমেশ চন্দ্ৰ জৈনে কয় যে বিগত বৰ্ষৰ দৰে চলিত বৰ্ষটো ছেবাই মে মাহৰ এটি বিশেষ দিনত দিনৰ ১১ বজাত ফলাফল ঘোষণা কৰিব ৷ ইফালে দ্য চেন্টিনেলত পূৰ্বতে প্ৰকাশিত নিশা ঘোষণা কৰা ফলাফলৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ছাত্ৰ-ছাত্ৰী,অভিভাৱক তথা শিক্ষকসকলে।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এগৰাকী পৰীক্ষাৰ্থীয়ে কয় যে নিশা পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ প্ৰয়োজন নাই। কাৰণ পৰীক্ষাৰ্থীসকলৰ কাৰণে এইয়া অধিক চিন্তিত ৷ বিগত বৰ্ষৰ দৰে চলিত বৰ্ষটো ফলাফল দিনত ঘোষণা কৰিব লাগে ৷ ইফালে চৰকাৰী আৰু বেচৰকাৰী সকলো বিদ্যালয়ৰ শিক্ষক সকলে ছেবাৰ এই সিদ্ধান্তক বিৰোধ কৰিছে ৷

হাইস্কুলৰ এজন শিক্ষকে কয় যে, যদি নিশা ফলাফল ঘোষণা কৰা হয় তেন্তে সকলো বিপদত পৰিব ৷ শিক্ষকজনে লগতে কয় যে দেশৰ কোনো বিদ্যালয়তে এনে ধৰণৰ ব্যৱস্থা নাই। ছেবাই ১৫ ৰ পৰা ২০ মে’ৰ ভিতৰত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ সিদ্ধান্ত লৈছে । উল্লেখ্য যে, প্ৰায় ৮৫৭ টা পৰীক্ষা কেন্দ্ৰত ৩,৪২,৭০২ জন পৰীক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু ৯,৪৪১জনে অসম হাই মাদ্ৰাছা পৰীক্ষাত অৱৰ্তীণ হৈছিল ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com