১৯ মেৰ পাছত মুক্তি পাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মজীৱনী মূলক ছবি

১৯ মেৰ পাছত মুক্তি পাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মজীৱনী মূলক ছবি

Published on

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মজীৱনী মূলক ছবি "Prime Minister Narendra Modi" ছবি খনৰ ওপৰত নিৰ্বাচনী আয়োগে দিয়া ৰায়ত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকে। লোকসভা নিৰ্বাচনৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীৰ আত্মজীৱনী মূলক ছবি খন মুক্তি নিদিবলৈ নিৰ্দেশ দিছিল নিৰ্বাচনী আয়োগে । পিছত এপেক্স কোৰ্টে ছবি খন অন্তিম পৰ্যায় নিৰ্বাচন অৰ্থাৎ ১৯ মেৰ পিছত মুক্তি দিবলৈ নিৰ্দেশ দিছে ।

পুৰ্বতে দিল্লী আৰু মুম্বাই উচ্চ ন্যায়ালয়ে ছবি খনৰ নাম ‘ পিএম নৰেন্দ্ৰ মোদী’ সন্দৰ্ভত উত্থাপন কৰা অভিযোগত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকে।

পুনৰ কংগ্ৰেছ নেচনেল মেডিয়া পেনেলৰ সদস্য সকলে বৃহস্পতি বাৰে এখন আবেদন কৰিছিল ।আবেদন খনত নিৰ্বাচনত বিৰোপ প্ৰভাৱ পেলাব বুলি অভিযোগ উত্থাপন কৰিছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মজীৱনী মূলক ছবি খন ৫ এপ্ৰিলত প্ৰকাশ হোৱাৰ কথা আছিল ।

নিকা আৰু গনতান্ত্ৰীক লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এই ছবি খনৰ মুক্তিয়ে প্ৰভাৱ পেলাব বুলি জেষ্ঠ পৰামৰ্শদাতা অভিশেক মাণো সিঙবিয়ে কোৰ্টক অবগত কৰে।ছবিখনে জন মানসত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হব । ছবিখনৰ ৩ জন পযোজক ভাৰতীয় জনতা পাৰ্টিৰ। অভিনেতা বিবেক অবেৰই অভিনয় কৰিছে এই ছবিখনত|

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com