ৰাজ্য সভাৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যয়ে আজি মনোনয়ন দাখিল কৰিব

ৰাজ্য সভাৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যয়ে আজি মনোনয়ন দাখিল কৰিব

অসমৰ ৰাজ্য সভাৰ দুখন আসনৰ বাবে বিজেপিয়ে কামাখ্যা প্ৰসাদ তাছাক প্ৰাৰ্থীত্ব প্ৰদান কৰে । সোমবাৰে অসম বিধানসভাত অনুষ্ঠিত বিধায়নী দলৰ বৈঠকৰ পাছতে নেডাৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে কামাখ্যা প্ৰসাদ তাছাৰ নাম প্ৰকাশ কৰে। এই বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকে । ৰাজ্য সভাৰ আন খন আসনৰ বাবে অসম গণ পৰিষদে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক প্ৰাৰ্থীত্ব প্ৰদান কৰে ।

অসমৰ ৰাজ্য সভাৰ দুখন আসনত বৰ্তমান প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙ আৰু শান্তিয়াজ কুজুৰ আছে। ১৪ জুনত কাৰ্যকাল শেষ হব মনমোহন সিঙ আৰু শান্তিয়াজ কুজুৰ। ৭ জুনৰ পূৰ্বে ৰাজ্য সভাৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিবলৈ কৈছিল নিৰ্বাচনী আয়োগে ।

সোমবাৰে অগপৰ বিধায়নী দলৰ বৈঠক অনুস্থিত হয় । তাৰ পাছত অগপৰ সভাপতি অতুল বৰা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ লাহেকৈ বৈঠকত মিলিত হয় ।

আজি কামাখ্যা প্ৰসাদ তাছা আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যয়ে মনোনয়ন পত্ৰ দাখিল কৰিব । কামাখ্যা প্ৰসাদ তাছায়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে " মোৰ কান্ধত নতুন দায়িত্ব পৰিব আৰু অসমৰ সমস্যা সমূহ সংসদত মই দাঙি ধৰিম ।"

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com