ৰাজ্যত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ১.৪৫ কোটি ভোটাৰৰ ভোটদান

ৰাজ্যত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ১.৪৫ কোটি ভোটাৰৰ ভোটদান
Published on

সমাগত লোকসভা নিৰ্বাচন। নিৰ্বাচনৰ কাৰণে সাজু হৈছে সকলো ৷ ৰাজ্যত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ১,৪৫,১৪,০৫০ জন ভোটাৰৰ ভিতৰত পুৰুষৰ সংখ্যা হৈছে ৭৪,১৯,৭৯৪ জন ,মহিলাৰ সংখ্যা ৭০,৯৩,৯২২ জনৰ বিপৰীতে তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে ৩৩৪ জন ৷

ইফালে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৭৬,০৩,৪৫৮ জন ভোটাৰৰ বিপৰীতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটাৰৰ সংখ্যা হ’ল ৬৯,১০,৫৯২ জন ৷প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত সকলোতকৈ বেছি ভোটাৰ আছে মঙলদৈ সংসদীয় আসনত ৷ ১১ এপ্ৰিলত হ’ব লগীয়া লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰত্যেক লোকসভা আসনত থকা ভোটদাতাৰ সংখ্যা হৈছে এনেধৰণৰ,তেজপুৰ সংসদীয় আসনত ১৪,৯৪,৮৭৮জন, কলিয়াবৰত ১৭,৩১,৬১০, যোৰহাটত ১৩,৬০,৩২৮,ডিব্ৰুগড়ৰ আসনত ১৩,১২,১৯৫ , লক্ষীমপুৰৰ আসনত ১৭,০৪,৪৪৭ জন ৷

১৮ এপ্ৰিলত হ’ব লগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোট দান কৰা ভোটদাতাৰ সংখ্যা হৈছে ১৩,৩৮,০০৫ জন কৰিমগঞ্জত,শিলচৰত ১১,৯১,২৮৯,ডিফু স্বায়ত্ব শাসিতত ৭,৯৫,০৮৫,মংগলদৈত ১৭,৯৫,৫২৯ জন আৰু নগাঁৱত ১৭,৯০,৬৮৪ জন ৷ লোকসভা নিৰ্বাচনৰ প্ৰথম দুটা পৰ্যায়ত ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে ১৮,৫৬৬ ।

ইয়াৰে প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে, প্ৰথম পৰ্যায়ত ৯,৫৭৪ আৰু দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে ৮,৯৯২ ৷ অন্যহাতে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ২৩ এপ্ৰিলত ৷ গুৱাহাটী,বৰপেটা,ধুবুৰী আৰু কোকৰাঝাৰৰ চাৰিটা নিৰ্বাচন ক্ষেত্ৰত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com