ৰাজ্যৰ অংগনবাড়ী কেন্দ্ৰত ১৪ লাখ ভুৱা শিশুৰ নাম পঞ্জীয়ন

ৰাজ্যৰ অংগনবাড়ী কেন্দ্ৰত ১৪ লাখ ভুৱা শিশুৰ নাম পঞ্জীয়ন
Published on: 

মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে জানিবলৈ দিছে যে অসমৰ অংগনবাড়ী কেন্দ্ৰ সমূহত প্ৰায় ১৪ লাখ ভুৱা শিশুৰ নাম পঞ্জীয়ন হৈ আছে।মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ সচিব ৰাকেশ শ্ৰীবাস্তৱে কয় যে আমাক সকলো তথ্য অসম চৰকাৰে যোগান ধৰিছে আৰু আমি সকলো ৰাজ্যকে অংগনবাড়ী কেন্দ্ৰ সমূহৰ ভুৱা নাম বোৰ কাটিবৰ বাবে নিৰ্দেশ দিছো।মন্ত্ৰালয়ৰ তথ্য অনুসৰি সমগ্ৰ দেশৰ অংগনবাড়ী কেন্দ্ৰ সমূহত ১০ কোটিতকৈও অধিক শিশুৰ নাম পঞ্জীয়ন হৈ আছে।কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী মেনকা গান্ধীয়ে কয় যে ভুৱা শিশুসকলৰ নামত এটা চক্ৰই আঁচনিৰ মুনাফা লুটি আছে আৰু সেইবাবে সকলো ৰাজ্যৰে চৰকাৰক বিষয়টো পৰ্যবেশন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।মন্ত্ৰী গৰাকীয়ে লগতে কয় ৰাষ্ট্ৰীয় পৰিপুষ্টি অভিযান 'বেটী বচাও বেটী পঢ়াও' অভিযানৰ পাছতে ডাঙৰ অভিযান আৰু এই আঁচনি খনে সদায় মহিলা আৰু শিশুৰ পৰিপুষ্টিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com