ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত আছে ৩৯ শতাংশ কোটিপতি প্ৰাৰ্থী

ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত আছে ৩৯ শতাংশ কোটিপতি প্ৰাৰ্থী
Published on

ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত আছে Lok Sabha ৩৯ শতাংশ কোটিপতি প্ৰাৰ্থী ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে প্ৰাৰ্থীত্ব আগবঢ়োৱা জিতেন গগৈ আৰ্থিকভাবে সবল ৷আৰু আটাইতকৈ আৰ্থিকভাৱে দুৰ্বল প্ৰাৰ্থী সকলৰ ভিতৰত আছে যোৰহাট নিৰ্বাচন ক্ষেত্ৰৰ চিপিআই প্ৰাৰ্থী কনক গগৈ ৷ দ্বিতীয়তে,নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থী সকলৰ ভিতৰত ৪১ শতাংশ প্ৰাৰ্থীৰ ভিতৰত ৩৯ শতাংশ হৈছে কোটি পতি।

কোটিপতি সকলৰ শীৰ্ষ চাৰিগৰাকী প্ৰাৰ্থীৰ ভিতৰত আছে কলিয়াবৰ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী ৫৯ বছৰীয়া জিতেন গগৈৰ সম্পত্তি ৯ কোটি টকা । তেজপুৰ নিৰ্বাচন ক্ষেত্ৰৰ ৬০ বছৰীয়া প্ৰাৰ্থী এমজিভিকে ভানুৰ সম্প্ৰতিৰ পৰিমাণ ৮ কোটি টকা,ডিব্ৰুগড় নিৰ্বাচন ক্ষেত্ৰৰ ৬৭ বছৰীয়া প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰৰ সম্পত্তিৰ পৰিমান হৈছে প্ৰায় ৫ কোটি টকা , লক্ষীমপুৰ নিৰ্বাচন ক্ষেত্ৰৰ ৫১ বছৰীয়া প্ৰাৰ্থী অনিল বৰগোহাঞি সম্পত্তিৰ পৰিমাণ ৫ কোটি টকা ৷

ইফালে,পাঁচখন লোকসভা নিৰ্বাচন ক্ষেত্ৰত ৪১ জন প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব। অৰ্থাৎ ডিব্ৰুগড়,যোৰহাট, কলিয়াবৰ,লক্ষীমপুৰ আৰু তেজপুৰত ১১ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰে ১২ জন নিৰ্দলীয় প্ৰাৰ্থী আৰু ১৫ জন অন্যান্য দলৰ প্ৰাৰ্থী আছে। এডীআৰৰ তথ্য অনুসৰি কেৱল ৫ শতাংশ মহিলা প্ৰাৰ্থীয়ে ৯৫ শতাংশ পুৰুষ প্ৰাৰ্থী বিপৰীতে প্ৰতিদ্বন্দিতা কৰিব ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com