ৰাফেল বিমান ক্ৰয়ৰ চুক্তিৰ গোচৰত পুৰ্বৰ ৰায় সংৰক্ষিত: উচ্চতম ন্যায়ালয়

ৰাফেল বিমান ক্ৰয়ৰ চুক্তিৰ গোচৰত পুৰ্বৰ ৰায় সংৰক্ষিত: উচ্চতম ন্যায়ালয়

বৃহস্পতি বাৰে উচ্চতম ন্যায়ালয়ে ৰাফেল চুক্তি গোচৰৰ ওপৰত এক গুৰুত্বপূৰ্ণ ৰায় দিয়ে । ৰাফেল চুক্তি ৰ সন্দৰ্ভত পুৰ্বৰ ৰায় সংৰক্ষিত ৰাখে । এটৰনী জেনেৰেলৰ দাবীক গুৰুত্ব।

প্ৰাক্তন বিত্ত মন্ত্ৰী য়েচৱান্ত সিংহা, ৰাজনৈতিক নেতা অৰুণ চৌৰিয়ে আৰু অধিবক্তা প্ৰশান্ত ভূষনে ৰাফেল সন্দৰ্ভত উচ্চতম ন্যায়ালয় পুনৰ পৰ্যালোচনা বিচাৰি আবেদন জনাইছিল । উচ্চতম ন্যায়ালয়ে প্ৰাথমিক বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আগবাঢ়ি যাব বুলি প্ৰকাশ কৰে ।

এক ঘন্টা শুনানি গ্ৰহণৰ পাছত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিচাৰপীঠে পুৰ্বৰ ৰায় সংৰক্ষিত ৰাখে । বৰ্তমান প্ৰয়োজনীয় তথ্যৰ অভাৱ বুলি প্ৰকাশ কৰে । এভিডেন্স এক্টৰ ১২৩ ধাৰাৰ অধীনত চৰকাৰৰ বিশেষ অধিকাৰ থকা কোনোধৰনৰ নথি আদালতত দাখিল কৰিব নোৱাৰি বুলি এটৰনী জেনেৰেল কে কে বেনুগোলালে দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠক জনায় ।

অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com