ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ বিশেষ সিদ্ধান্ত

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ বিশেষ সিদ্ধান্ত
Published on

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কৰ্তৃপক্ষই আপত্তি কৰ্তাসকলৰ শুনানিৰ সময়ত যিসকল উপস্থিত নাছিল সেইসকলৰ সন্দৰ্ভত অনতি পলমে সিদ্ধান্ত ল’ব বিছাৰিছে ৷ ১১ মে’ত জাৰি কৰা অধিসূচনা অনুযায়ী এনআৰচি কৰ্তৃপক্ষই যিকোনো আপত্তি কৰা লোকসকলৰ পৰিচয় পত্ৰ মুকলি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইফালে ১৫ জুনত নাগৰিকসকলৰ এখন অতিৰিক্ত এখন তালিকা প্ৰকাশ কৰা হ’ব ৷

আপত্তিৰ ক্ষেত্ৰত শুনানি প্ৰক্ৰিয়া জুনৰ প্ৰথম ভাগত সমাপ্ত হ’ব৷ অন্যহাতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ নীতি নিয়ম অনুসৰি আপত্তিৰ ক্ষেত্ৰত শুনানিৰ প্ৰক্ৰিয়াৰ সময়ত যিগৰাকী ব্যক্তিৰ ক্ষেত্ৰত আপত্তি দিছে বা আপত্তি কৰা ব্যক্তি,দুয়োজনেই উপস্থিত থাকিব লাগিব ৷ ইফালে ১৫ জুনত প্ৰকাশিত অতিৰিক্ত ডাফ্ট ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত সেই সকলো ব্যক্তিৰ নাম উল্লেখ নাথাকে , যিসকলৰ নাম ২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত সন্নিবিষ্ট হৈছিল ৷

এই লোকসকলক দাবীৰ কাৰণে সুযোগ দিয়া হ’ব ৷আৰু এই সম্পৰ্কত জুনৰ প্ৰথম ভাগৰ পৰা সংবাদ মাধ্যমত প্ৰচাৰ চলাই থকা হৈছে ৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কৰ্তৃপক্ষই প্ৰথমতেই উপায়ুক্ত আৰু জিলা নাগৰিক পঞ্জীক উল্লেখযোগ্য নীতি নিৰ্দেশনাসমূহ জাৰি কৰিছে ৷ উল্লেখ্য যে, সম্পূৰ্ণ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভূক্ত কৰাৰ সন্দৰ্ভত ২ লাখ লোকে আপত্তি কৰিছে ৷ উচ্চতম ন্যায়ালয়ে প্ৰথমতেই নিৰ্দেশ দিয়ে যে চূড়ান্ত এনআৰচিক চলিত বৰ্ষৰ ৩১ জুলাইত প্ৰকাশ কৰিব লাগে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com