আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত জিলিকিল অসম জীয়াৰী ৰীমা দাস

আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত জিলিকিল অসম জীয়াৰী ৰীমা দাস
Published on

আয়েৰলেণ্ডত অনুষ্ঠিত ভাৰ্জিন মিডিয়া ডাবলিন আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত ৰীমা দাসলৈ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান । 'বুলবুল কেন চিং ' ছবিৰে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৰীমা দাসে ।

আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱখনৰ ডাবলিন ফিল্ম ক্ৰিটিক চাৰ্কোল জুৰী এৱাৰ্ডৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰি আনন্দিত হৈ পৰিছে বুলি প্ৰকাশ কৰিছে ৰীমা দাসে । লগতে এই সন্মানৰ বাবে তেওঁক নিৰ্বাচন কৰা ভাৰ্জিন মিডিয়া ডাবলিন আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ কৰ্তৃপক্ষক ৰীমা দাসে ধন্যবাদ জ্ঞাপন কৰে ।

বুলবুলি কেন চিং ৰীমা দাসৰ তৃতীয় খন ছবি । ৰীমা দাসৰ ভিলেছ ৰকষ্টাৰ্ছ ছবি খনৰ জৰিয়তে সমগ্ৰ বিশ্বতে পৰিচয় প্ৰতিস্থা কৰিবলৈ সক্ষম হৈছে। ভিলেজ ৰকষ্টাৰ্ছ ছবি খন অস্কাৰলৈ মনোনীত হৈছিল যদিও শেষত থমকি ৰব লগা হয় । 'অসমীয়া গাঁৱৰ কাহিনী এটাক লৈ নিৰ্মিত কৰা ছবিখনে বিশ্বৰ অন্য এক প্ৰান্তৰ মানুহৰ হৃদয় জিনিব পৰাটোৱে ছবিখনৰ বাবে এক অন্যান্য কৃতিত্ব বুলি প্ৰকাশ কৰে ৰীমা দাসে ।

২০১৮ চনত ছবিখনৰ ৱ'ল্ড প্ৰিমিয়াৰ হয় টৰন্টো আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত । দক্ষিণ এছিয়ান প্ৰিমিয়াৰ বুছান আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ আৰু ইণ্ডিয়াম প্ৰিমিয়াৰ হয় মুম্বাই ছবি মহোৎসৱত ।২০ ফেব্ৰুৱাৰীৰ পৰা ৩ মাৰ্চলৈকে আয়েৰলেণ্ডৰ ডাবলিনত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰে ৰীমা দাসে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com