কোৱাৰেণ্টিনত থকা অৱস্থাত হাইলাকান্দিৰ মহিলাৰ আত্মহত্যা

কোৱাৰেণ্টিনত থকা অৱস্থাত হাইলাকান্দিৰ মহিলাৰ আত্মহত্যা

দেওবাৰে নিচেই পুৱা ছাৰবিন তাজ(৩৭) নামৰ মহিলাগৰাকীয়ে কোৱাৰেণ্টিন কেন্দ্ৰত চিপজৰী লয়
Published on

কোৱাৰেণ্টিনত থকা অৱস্থাত হাইলাকান্দিৰ এগৰাকী মহিলাই আত্মহননৰ পথ বাচি ল'লে। প্ৰাপ্ত তথ্য অনুসৰি দেওবাৰে নিচেই পুৱা ছাৰবিন তাজ(৩৭) নামৰ মহিলাগৰাকীয়ে কোৱাৰেণ্টিন কেন্দ্ৰত চিপজৰী লয়। তেওঁ যোৱা ২৮ জুনত স্বামী আবুল হুছেইন লস্কৰ আৰু পুত্ৰৰ সৈতে বাংগালুৰুৰ পৰা বিমানত অসমলৈ আহে। তাৰ পাছতে নিয়মানুসৰি তেওঁলোকক কোৱাৰেণ্টিন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। তেওঁলোকক লালা আৰক্ষী থানাৰ অন্তৰ্গত নিচিন্তাপুৰ দ্বিতীয় খণ্ডৰ এখন বিদ্যালয়লৈ কোৱাৰেণ্টিনৰ বাবে প্ৰেৰণ কৰা হয়।পাছত পৰিয়ালটোৰ তিনিওজন সদস্যৰে নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। নমুনা পৰীক্ষাত লস্কৰৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি পোৱা নগ'ল। দেওবাৰে কোৱাৰেণ্টিনত থকা অৱস্থাতে মহিলাগৰাকীয়ে চিপজৰী লয়। মহিলাগৰাকীৰো নমুনা পৰীক্ষা নিগেটিভ হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com