কাচাৰত পানীযোগান প্ৰকল্পৰ জলাশয়ত ১৩টা মৃত বান্দৰ উদ্ধাৰ

কাচাৰত পানীযোগান প্ৰকল্পৰ জলাশয়ত ১৩টা মৃত বান্দৰ উদ্ধাৰ

কাটিৰালি পানীযোগান ক্ষেত্ৰৰ জলাশয়ত মৃত বান্দৰকেইটা উদ্ধাৰ হয়।
Published on

খাদ্য বিষক্ৰিয়াঃ কাচাৰত পানীযোগান প্ৰকল্পৰ চৌব্বাচাত ১৩টা মৃত বান্দৰ উদ্ধাৰ

প্ৰকৃতি আৰু বন্যপ্ৰাণীপ্ৰেমীসকলৰ বাবে দুঃখবৰ! কাচাৰ জিলাৰ এটা জলাশয়ত উদ্ধাৰ হৈছে কমেও ১৩টা বান্দৰৰ মৃতদেহ। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি সোমবাৰে নিচেই পুৱা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাটিৰালি পানীযোগান ক্ষেত্ৰৰ জলাশয়ত মৃত বান্দৰকেইটা উদ্ধাৰ হয়। সংশ্লিষ্ট চৰকাৰী বিষয়াই প্ৰকাশ কৰা অনুসৰি বিহ মিহলি খাদ্য খোৱাৰ ফলত বান্দৰকেইটা মৃত্যুমুখত পৰে। তদুপৰি পাছত কৰা মৰণোত্তৰ পৰীক্ষাতো বান্দৰকেইটাৰ খাদ্য বিষক্ৰিয়াৰ ফলত মৃত্যু ঘটাতো নিশ্চিত কৰা হৈছে। এই সম্পৰ্কত পশু চিকিত্সা বিজ্ঞান বিভাগৰ বিষয়া ৰূবেল দাসে কয় যে বান্দৰকেইটাৰ মৃত্যৰ কাৰণ অধিক নিশ্চিত কৰিবৰ বাবে নমুনা গুৱাহাটীৰ ৰোগ নিৰূপণ পৰীক্ষাগাৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে। বান্দৰকেইটাৰ মৃত্যুৰ বেদনাদায়ক ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। এই ফটোৰ তলত বহুতে দুঃখ প্ৰকাশ কৰিছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com