স্কুলগৃহত কোৱাৰেণ্টিনঃচৌহদত ফুলৰ বাগিচা স্থাপন ১৬জন লোকৰ

কোৱাৰেণ্টিনত থকাৰ সময়ছোৱাত তেওঁলোকে স্কুলৰ চৌহদৰ সন্মুখৰ ফালে ফুলৰ পুলি ৰোপন কৰে
স্কুলগৃহত কোৱাৰেণ্টিনঃচৌহদত ফুলৰ বাগিচা স্থাপন ১৬জন লোকৰ
Published on

মনৰ সৌন্দৰ্যই প্ৰকৃত সৌন্দৰ্য বুলি কোৱা হয় ।যেন এই কথাই প্ৰতিপন্ন কৰি দেখৱালে বহিঃৰাজ্যৰ পৰা তলাবন্ধৰ সময়ত গৃহাভিমুখী হোৱা নগাৱৰ ১৬জন লোকে ৷ নগাঁৱত উপস্থিত হোৱাৰ পাছতে নিয়মানুসৰি তেওঁলোকক কোৱাৰেণ্টিনত ৰখাৰ ব্যৱস্থা কৰা হয় ৷ লোককেইজনক প্ৰশাসন তথা স্বাস্থ্য বিভাগে নগাঁৱৰ ছেইণ্ট ৰবাৰ্ট স্কুলত স্থাপিত কোৱাৰেণ্টিন কেন্দ্ৰত ৰখাৰ ব্যৱস্থা কৰে ৷ কোৱাৰেণ্টিনত থকাৰ সময়ছোৱাত তেওঁলোকে স্কুলৰ চৌহদৰ সন্মুখৰ ফালে ফুলৰ পুলি ৰোপন কৰে ৷ স্কুলখনৰ চৌহদক সৌন্দৰ্যৰ আকৰত পৰিণত কৰিবলৈ স্বেচ্ছাই আগবাঢ়ি অহা এই লোকসকলক সহায় কৰে প্ৰশাসনে ৷

ফুলৰ পুলি সংগ্ৰহৰ পৰা বিভিন্ন ধৰণেৰে তেওঁলোকক প্ৰশাসনে সহায় কৰে ৷ এই সম্পৰ্কত স্কুলখনৰ কোৱাৰেণ্টিন কেন্দ্ৰৰ নডেল বিষয়া তথা কলিয়াবৰৰ নিবাসী শিক্ষক লেখনাথ শৰ্মাই কয়, " এই বিদ্যালয় মণ্টেশ্বৰী বিদ্যালয় হোৱাৰ পৰিপ্ৰেক্ষিতত এই ফুলৰ বাগিচা কণ কণ শিশুসকলৰ প্ৰতি এক উপহাৰ হ'ব ৷ ল'কডাউন অন্ত পৰাৰ পাছত শিশুসকল স্কুললৈ আহিব ৷ তেতিয়া ফুল দেখি তেওঁলোকৰ মন পুলকিত হ'ব ৷ আমি এনেদৰে এক ব্যতিক্ৰমী কাম কৰিবলৈ সক্ষম হৈছো ৷ ই কোৱাৰেণ্টিন কালৰ এক স্মৃতি হৈ ৰব ৷" কোৱাৰেণ্টিনত থকাসকলে এনেদৰে ফুলৰ বাগিচা স্থাপন কৰাত আনন্দ প্ৰকাশ কৰিছে কলিয়াবৰৰ দ্যুতিভা বৰাই ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com