ক'ৱিড-১৯-ত আক্ৰান্ত হ'ল যোৰহাটত নিয়োজিত দুজন কনিষ্টবল

আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰ আৰু দুজন অতিৰিক্ত আৰক্ষী অধীক্ষকক হোম কোৱাৰেণ্টিনলৈ প্ৰেৰণ কৰা হয়
ক'ৱিড-১৯-ত আক্ৰান্ত হ'ল যোৰহাটত নিয়োজিত দুজন কনিষ্টবল
Published on

ৰাজ্যত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে ক'ৱিড-১৯ত আক্ৰান্তৰ সংখ্যা। শেহতীয়াকৈ প্ৰাপ্ত তথ্য অনুসৰি যোৰহাটৰ আৰক্ষী অদীক্ষকৰ কাৰ্যালয়ত নিয়োজিত দুজন কনিষ্টবলৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। ইয়াৰ পাছতে জিলাখনৰ আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰ আৰু দুজন অতিৰিক্ত আৰক্ষী অধীক্ষকক হোম কোৱাৰেণ্টিনলৈ প্ৰেৰণ কৰা হয়। আনহাতে, ক'ৱিড-১৯ কনিষ্টবলদ্বয়ক যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com