বিশ্বনাথত এঘৰৰ বিয়াত অংশ লৈ ক'ৰ'নাত আক্ৰান্ত হ'ল ২৮জন

বিশ্বনাথত এঘৰৰ বিয়াত অংশ লৈ ক'ৰ'নাত আক্ৰান্ত হ'ল ২৮জন

লগে লগে আন ১০০ জনৰ নমুনা পৰীক্ষাৰ ব্যৱস্থা কৰে স্বাস্থ্য বিভাগে। এইসকলৰ মাজৰ ১৭জন ক’ৰ’না পজিটিভ হয়।
Published on

অতি সংক্ৰামক ক'ৰ'না ভাইৰাছক লৈ ব্যাপক সজাগতা অভিযান চলাৰ পাছতো বহু লোকৰ সম্বিত ঘূৰি অহা নাই। শেহতীয়াভাবে ইয়াৰ প্ৰমাণ পোৱা গৈছে বিশ্বনাথত। যোৱা ৫ আগষ্টত জিলাখনৰ উত্তৰ মৰল গাঁৱৰ এঘৰত বিয়াৰ আয়োজন কৰা হয়। এই বিয়াত কমেও পাঁচশ লোকে অংশ লয়। পাছত অংশগ্ৰহণকাৰীসকলৰ ২৮জনৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

প্ৰাপ্ত তথ্য অনুসৰি এই বিয়াত অংশগ্ৰহণকাৰীসকলৰ মাজৰ ১১ জনৰ শৰীৰত এই অতি সংক্ৰামক ভাইৰাছৰ উপস্থিতি ধৰা পৰে। লগে লগে আন ১০০ জনৰ নমুনা পৰীক্ষাৰ ব্যৱস্থা কৰে স্বাস্থ্য বিভাগে। এইসকলৰ মাজৰ ১৭জন ক'ৰ'না পজিটিভ হয়।ইয়াক লৈ গাঁওখনত আতংকৰ সৃষ্টি হৈছে। লক্ষ্যণীয় যে এনেদৰে এখন পাঁচশ লোকে অংশ লৈ ক'ৰ'না প্ৰতিৰোধৰ সকলো নীতি-নিয়ম উলংঘা কৰে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com