ৰাজ্যত ৪০০৪ টা বাল্য বিবাহৰ গোচৰ পঞ্জীয়ন

ৰাজ্যত ৪০০৪ টা বাল্য বিবাহৰ গোচৰ পঞ্জীয়ন

শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক তথ্য প্ৰদৰ্শন কৰে য’ত ৰাজ্যখনত পঞ্জীয়ন হোৱা বাল্যবিবাহৰ ৪০০৪টা গোচৰৰ উল্লেখ আছে।
Published on

গুৱাহাটী : ৰাজ্য চৰকাৰে শেহতীয়াকৈ অঞ্চলটোত বাল্যবিবাহৰ বিৰুদ্ধে ১৫ দিনীয়া অভিযান আৰম্ভ কৰিছে। অভিযান আৰম্ভ হোৱাৰ পিছৰে পৰা বিভিন্ন অঞ্চলৰ পৰা কেইবাটাও গোচৰ পঞ্জীয়ন কৰা হৈছে। শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক তথ্য প্ৰদৰ্শন কৰে য'ত ৰাজ্যখনত পঞ্জীয়ন হোৱা বাল্যবিবাহৰ ৪০০৪টা গোচৰৰ উল্লেখ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে নিজৰ টুইটাৰৰ জৰিয়তে এই তথ্য প্ৰকাশ কৰি এই বিশেষ সামাজিক ব্যাধিক সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ আশ্বাস দিয়ে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com