হাইস্কুল শিক্ষান্ততো স্থান দখল কৰিছিল মেধাৱী অবিনাশে

মেধাৱী ছাত্ৰজনে ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিছিল।
হাইস্কুল শিক্ষান্ততো স্থান দখল কৰিছিল মেধাৱী অবিনাশে
Published on: 

এইবাৰৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰা পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ ছাত্ৰ অবিনাশ কলিতাই হাইস্কুল শিক্ষান্ত পৰীক্ষাতো ৰাজ্যৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হৈছিল। ২০১৮ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মেধাৱী ছাত্ৰজনে ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিছিল। অবিনাশৰ ঘৰ বজালীৰ নিত্যানন্দত। অবিনাশে লাভ কৰিছে মুঠ ৪৮৬ নম্বৰ। 

উল্লেখ্য যে ২০০৩ বৰ্ষৰ পৰা অপ্ৰাদেশিকৃত হাইস্কুলত শিক্ষকতা কৰি আছে অবিনাশৰ পিতৃ নিৰ্মল কলিতাই। গতিকে তেওঁ আৰ্থিক সমস্যাত ভুগি আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আৰ্থিক সমস্যাত জুৰুলা  অবিনাশক পঢ়াৰ ক্ষেত্ৰত সহায়–সহযোগিতা আগবঢ়াই আহিছে আনন্দৰাম বৰুৱা একাডেমীয়ে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com