অসমঃ গোৰেশ্বৰত এজন ব্যক্তিৰ ওপৰত এচিড আক্ৰমণ, জিএমচিএইচত ভৰ্তি

অসমঃ গোৰেশ্বৰত এজন ব্যক্তিৰ ওপৰত এচিড আক্ৰমণ, জিএমচিএইচত ভৰ্তি

বাতৰি অনুসৰি, ঘটনাটো বুধবাৰে সন্ধিয়া সংঘটিত হৈছিল যেতিয়া চাৰিজন দুৰ্বৃত্তই ভুক্তভোগীজনৰ ওপৰত এচিড নিক্ষেপ কৰিছিল

গোৰেশ্বৰঃ অসমৰ গোৰেশ্বৰৰ পৰা এক ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে, দুৰ্বৃত্তৰ আক্ৰমণত এজন লোক এচিডেৰে জ্বলি গৈছিল বুলি বিষয়াসকলে বৃহস্পতিবাৰে জানিবলৈ দিয়ে।

প্ৰাপ্ত খবৰ অনুসৰি, বুধবাৰে সন্ধিয়া চাৰিজন দুষ্কৃতিকাৰীয়ে এচিড নিক্ষেপ কৰে।  ভূক্তভোগীজন কৰ্মস্থলীৰ পৰা নিজ ঘৰলৈ উভতি অহাৰ সময়তে চাৰিওজন দুষ্কৃতিকাৰীয়ে কৰিলে এই ভয়ংকৰ ঘটনা।

অসমৰ বাক্সা জিলাৰ গোৰেশ্বৰৰ বকুলগুৰি নিবাসী মাণিক দেৱনাথ নামৰ যুৱকজন।

ততাতৈয়াকৈ আৰক্ষী উপস্থিত হৈ ঘটনাস্থলীত ।আৰক্ষীয়ে যুৱকজনক  ততাতৈয়াকৈ স্থানীয় গাঁও চিকিৎসালয়লৈ পঠিয়াবলৈ নিৰ্দেশ দিয়ে।

ভুক্তভোগী আৰু দুষ্কৃতিকাৰীৰ মাজত কোনো ধৰণৰ ব্যক্তিগত শত্ৰুতা থকাৰ সন্দেহ কৰি ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ জানিবলৈ আৰক্ষীক গোচৰটোৰ গভীৰ তদন্ত কৰিবলৈ অনুৰোধ জনাইছে।

আৰক্ষী বিষয়াসকলে যদিও ভুক্তভোগীৰ পৰিয়াল আৰু দুৰ্বৃত্তৰ পৰিয়াল আৰু ভুক্তভোগীৰ পত্নীৰ মাজত পাৰিবাৰিক বিবাদৰ সন্দেহ কৰিছে কিন্তু এতিয়ালৈকে একো প্ৰকাশ কৰা নাই। তেওঁলোকে পত্নীক সোধা-পোছা কৰিব যাতে ভুক্তভোগীগৰাকীয়ে এচিড আক্ৰমণৰ প্ৰকৃত কাৰণ জানিব পাৰে।

আৰক্ষীয়ে ততাতৈয়াকৈ এই  আক্ৰমণৰ সৈতে জড়িত চাৰিজন দুষ্কৃতিকাৰীক আটক কৰে আৰু চাৰিওজনক চিনাক্ত কৰা হৈছে, বিপিন ৰাজবংশী, দেৱেন ৰাজবংশী, কনক ৰাজবংশী, আৰু পিংকু বিশ্বাস, আৰক্ষীৰ খবৰ অনুসৰি।

 গুৰুতৰ ভাবে জ্বলি যোৱাৰ বাবে গাওঁৰ চিকিৎসালয়ত চিকিৎসা কৰিব নোৱাৰাৰ পিছত বৃহস্পতিবাৰে তেওঁক গৌহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়(GMCH)লৈ প্ৰেৰণ কৰা হয় য'ত তেওঁ উন্নত চিকিৎসা গ্ৰহণ কৰি আছে।

 চিকিৎসকসকলে  জনাইছে যে, দেৱনাথৰ অৱস্থা অতি সংকটজনক  আৰু তেওঁক অহৰহ নিৰীক্ষণৰ প্ৰয়োজন হ'ব নহ'লে তেওঁৰ অৱস্থা অধিক বেয়া হ'ব পাৰে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com