চেন্নাইত অসমৰ অভিনেতা কিশোৰ দাসৰ দেহাৱসান

প্ৰসিদ্ধ অসমৰ অভিনেতা কিশোৰ দাসৰ দেহাৱসান। তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল আৰু চেন্নাইত চিকিৎসাধীন হৈ আছিল।
চেন্নাইত অসমৰ অভিনেতা কিশোৰ দাসৰ দেহাৱসান
Published on: 

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে কিশোৰে। অসমবাসীক কন্দুৱাই গুচি গ'ল কিশোৰ দাস। দীৰ্ঘদিন ধৰি জটিল ৰোগত ভুগি অসুস্থ হৈ থকা অভিনেতা কিশোৰ দাসে অৱশেষত বিদায় মাগিলে এই পাৰ্থিৱ জীৱনৰ পৰা।

মহানগৰীৰ 'হেলথ চিটি'ত চিকিৎসাধীন হৈ থকাৰ পিছত ৰাওনা হৈছিল মুম্বাইলৈ। আৰু শেষত চেন্নাইৰ এখন চিকিৎসালয়ত শনিবাৰে মৃত্যুবৰণ কৰে ২৮ বছৰীয়া তৰুণ অভিনেতা কিশোৰ দাসে ।

জানিব পৰা মতে, ব্লাড কেন্সাৰত আক্ৰান্ত অভিনেতা কিশোৰ দাস শেহতীয়াকৈ কোভিডতো আক্ৰান্ত হৈছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com