ক'ৰ'নাঃ জে এম চি এইচত আৰু এটা পৰীক্ষাগাৰ মুকলি

ক'ৰ'নাঃ জে এম চি এইচত আৰু এটা পৰীক্ষাগাৰ মুকলি

ইয়াৰ লগে লগে ৰাজ্যত ভি আৰ ডি এলৰ সংখ্যা ১৭টালৈ বৃদ্ধি পাইছে
Published on

ৰাজ্যত ক'ৰ'নাবিৰোধী যুঁজখনত আৰু এক শক্তিশালী অস্ত্ৰৰ সংযোজন ঘটিল। আজি যোৰহাট মেডিকেল কলেজ হাস্পতালত আৰু এটা ক'ৰ'নাৰ নমুনা পৰীক্ষাৰ পৰীক্ষাগাৰ মুকলি কৰা হয়। ৰাজ্যত ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা উদ্বেগজনক হাৰত বৃদ্ধি পোৱাৰ সময়তে আজি জে এম চি এইচৰ চৌহদত এটা ভাইৰেল গৱেষণা আৰু বিকাশ পৰীক্ষাগাৰ( ভি আৰ ডি এল) মুকলি কৰা হয়।

এই কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা টুইটত কয়, " আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে আজি যোৰহাট মেডিকেল কলেজ হাস্পতালত এটা ভি আৰ ডি এল মুকলি কৰা হয়। ইয়াৰ লগে লগে ৰাজ্যত ভি আৰ ডি এলৰ সংখ্যা ১৭টালৈ বৃদ্ধি পাইছে"। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com