কোৱাৰেণ্টিন কেন্দ্ৰৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে মৃত্যু ক'ৰ'না আক্ৰান্তৰ

তেওঁ স্কুলৰ পকী গৃহৰ ভেণ্টিলেটৰেৰে পলায়নৰ চেষ্টা কৰে ৷ কিন্তু তেওঁ তললৈ সৰি পৰে আৰু মূৰত প্ৰচণ্ড আঘাত পায় ৷
কোৱাৰেণ্টিন কেন্দ্ৰৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে মৃত্যু ক'ৰ'না আক্ৰান্তৰ

দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো ক'ৰ'না মহামাৰীৰ ভয়াবহ প্ৰাদুৰ্ভাবৰ মাজতে বঙাইগাঁৱত এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে। জিলাখনৰ অভয়াপুৰীৰ এখন বিদ্যালয়ত স্থাপিত এটা কোৱাৰেণ্টিন কেন্দ্ৰৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে মূৰত আঘাতপ্ৰাপ্ত হৈ এজন ক'ৰ'না আক্ৰান্ত মৃত্যুমুখত পৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি এই ক'ৰ'না মহামাৰী আক্ৰান্তজন এজন ৪০বছৰীয়া ব্যক্তি আছিল। তেওঁ ওড়িছাত আছিল ৷ তলাবন্ধৰ নীতি-নিয়ম শিথিল কৰাৰ পাছত তেওঁ গৃহাভিমুখী হয় ৷ পাছত তেওঁৰ নমুনা পৰীক্ষা কৰাত তেওঁ ক'ৰ'না আক্ৰান্তৰূপে চিহ্নিত হয় ।তেতিয়া তেওঁক অভয়াপুৰী এল পি স্কুলত স্থাপিত কোৱাৰেণ্টিন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় ৷

এক সূত্ৰই জনোৱা মতে, এটা বিশেষজ্ঞ চিকিৎসকৰ দলে উক্ত স্কুললৈ গৈ তাত ৰখা ক'ৰ'না আক্ৰান্তৰ অধিক স্বাস্থ্য পৰীক্ষাৰ কথা আছিল ৷ এই বাৰ্তা পোৱাৰ পাছত উক্ত লোকজন আতংকিত হয় ৷ সেয়েহে তেওঁ কোৱাৰেণ্টিন কেন্দ্ৰটোৰ পৰা পলায়নৰ আঁচনি লয় ৷ কিন্তু তাৰ পৰা পলায়নৰ কোনো উপায় বিচাৰি নোপোৱাত তেওঁ স্কুলৰ পকী গৃহৰ ভেণ্টিলেটৰেৰে পলায়নৰ চেষ্টা কৰে ৷ কিন্তু তেওঁ তললৈ সৰি পৰে আৰু মূৰত প্ৰচণ্ড আঘাত পায় ৷ ইয়াৰ লগে লগে তেওঁক বঙাইগাঁও চিকিৎসালয়লৈ নিয়া হয় ৷ কিন্তু তাত তেওঁৰ অৱস্থাৰ অধিক অৱনতি ঘটে ৷ তেতিয়া তেওঁক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয় যদিও তাতে তেওঁৰ মৃত্যু হয় ৷ উল্লেখ্য যে ৰাজ্যত এই পৰ্যন্ত আঠজন ক'ৰ'না আক্ৰান্তৰ মৃত্যু হৈছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com