অসমঃ ২৭ জুনত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

পৰিষদে আগতে ফলাফল ঘোষণা কৰিবলৈ চেষ্টা কৰিছিল যদিও, যোৱা সাত-আঠ দিনত বানপানীৰ ফলত এইয়া সফল হে উঠা নাছিল।
অসমঃ ২৭ জুনত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

গুৱাহাটীঃ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কয় যে উচ্চতৰ মাধ্যমিক (এইচ.এছ.) পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব অহা ২৭ জুনত ।

মাইক্ৰ'ব্লগিং ছাইট টুইটাৰ যোগে অসমৰ মুখ্যমন্ত্ৰীয়ে সদৰি কৰে এই কথা।

"উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ২৭ জুনত পুৱা ৯ বজাত ঘোষণা কৰা হ'ব। পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো শিক্ষাৰ্থীলৈ মোৰ শুভেচ্ছা" তেওঁ টুইট কৰে।

লক্ষণীয়ভাৱে, অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে (এ.এইচ.এছ.ই.চি.) কৈছিল যে উচ্চতৰ মাধ্যমিক (এইচ.এছ.) চূড়ান্ত পৰীক্ষাৰ ফলাফল ৩০ জুনৰ আগতে ঘোষণা কৰা হব।

পৰিষদে আগতে ফলাফল ঘোষণা কৰিবলৈ চেষ্টা কৰিছিল যদিও, যোৱা সাত-আঠ দিনত বানপানীৰ ফলত এইয়া সফল হে উঠা নাছিল।

এ.এইচ.এছ.ই.চি.য়ে এবছৰৰ ব্যৱধানৰ পিছত এই বছৰ এইচ.এছ. চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিছিল। কভিড প্ৰাদুৰ্ভাৱৰ বাবে ই যোৱা বছৰ এইচ.এছ. পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাছিল। পৰিষদে শিক্ষাৰ্থীসকলক তেওঁলোকৰ পূৰ্বৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি পদোন্নতি দিছিল।

'' আমি এতিয়া ফলাফল ঘোষণা কৰাৰ অৱস্থাত আছো। সকলো শাখাৰ প্ৰায় ২,১৫,০৩২ জন শিক্ষাৰ্থীয়ে এই বছৰ এইচ.এছ. চূড়ান্ত পৰীক্ষা দিছিল। পৰিষদে এ.এইচ.এছ.ই.চি.ৰ ৱেবছাইটকে ধৰি ১৭ টা ৱেবছাইটত ফলাফল ঘোষণা কৰিব,'' এ.এইচ.এছ.ই.চি.ৰ এক সূত্ৰই জনায়।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com