অসম বহু পৰিমাপত পিছ পৰি আছে: জৰীপ

উচ্চ শিক্ষাৰ সন্দৰ্ভত সৰ্বভাৰতীয় এক সমীক্ষাত দেখা গৈছে যে অসমত এক লাখ ছাত্ৰ-ছাত্ৰীৰ বাবে ১৬খন মহাবিদ্যালয় আছে, যিটো ৰাষ্ট্ৰীয় অনুপাতত এক লাখ ছাত্ৰ-ছাত্ৰীৰ বাবে ৩১খন মহাবিদ্যালয় আছে
অসম বহু পৰিমাপত পিছ পৰি আছে: জৰীপ

ষ্টাফ ৰিপ'ৰ্টাৰ গুৱাহাটীঃ উচ্চ শিক্ষাৰ সন্দৰ্ভত সৰ্বভাৰতীয় এক সমীক্ষাত দেখা গৈছে যে অসমত এক লাখ ছাত্ৰ-ছাত্ৰীৰ বাবে ১৬খন মহাবিদ্যালয় আছে আনফালে ৰাষ্ট্ৰীয় অনুপাতত এক লাখ ছাত্ৰ-ছাত্ৰীৰ বাবে ৩১খন মহাবিদ্যালয় আছে। দেশৰ আন বহু ৰাজ্যৰ তুলনাত ৰাজ্যৰ বিশ্ববিদ্যালয়ৰ সংখ্যাও কম। ২০২০-২১ বৰ্ষত শিক্ষা মন্ত্ৰালয়ে চলোৱা সমীক্ষাৰ প্ৰতিবেদন সোমবাৰে ওলাল। এই প্ৰতিবেদনত ভাৰতৰ ৰাজ্যসমূহৰ উচ্চ শিক্ষাৰ পৰিমাপ দিয়া হৈছে। প্রতিবেদনত প্রকাশ কৰা হৈছে যে অসমত প্রায়বোৰ পেৰামিটাৰ যেনে- ছাত্র-শিক্ষকৰ অনুপাতত আন্তঃগাঁথনি ভাল নহয়৷ৰাজ্যত ১০৮খন ব্যক্তিগত মহাবিদ্যালয়কে ধৰি ৬০০খন মহাবিদ্যালয় আছে৷ ৰাজ্যৰ বিশ্ববিদ্যালয়ৰ সংখ্যা ২৮খন, যিটো ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ পৰা চালে বহু কম।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com