অসম আৰক্ষী এক শীৰ্ষ আৰক্ষী বাহিনী হ'ব পাৰেঃ ভাস্কৰ জ্যোতি মহন্ত

অসম আৰক্ষী এক শীৰ্ষ আৰক্ষী বাহিনী হ'ব পাৰেঃ ভাস্কৰ জ্যোতি মহন্ত

বিদায়ী আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ আৰক্ষী বিষয়া হিচাপে প্ৰশংসনীয় কৰ্মকাল আজি শেষ হ’ল।
Published on

গুৱাহাটীঃ আৰক্ষী বিষয়া হিচাপে বিদায়ী আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ প্ৰশংসনীয় কৰ্মজীৱনৰ আজি অন্ত পৰিল। আজি বিদায়ী ডিজিপিক বিদায় পেৰেড দিয়া হয়। মহন্তই কয় যে অসম আৰক্ষী তেওঁৰ বাবে এক "দৰ্শন" আছিল। ই এক দৰ্শন, জীৱনশৈলী হোৱাৰ বাবে মই ইয়াৰ অংশ হিচাপে অসম আৰক্ষী হৈয়েই থাকিম বুলি উল্লেখ কৰে তেওঁ ।লগতে তেওঁ অসম আৰক্ষীক প্ৰণাম জনায়।

অসম আৰক্ষীয়ে যদি নিজৰ দক্ষতা আৰু অনুশাসনৰ উন্নতি সাধন কৰি থাকে তেন্তে নিশ্চিতভাৱে তেলেংগানা আৰক্ষীৰ দৰে দেশৰ অন্যতম শীৰ্ষ আৰক্ষী বাহিনীত পৰিণত হ'ব বুলি আত্মবিশ্বাস প্ৰকাশ কৰে বিদায়ী ডিজিপিগৰাকীয়ে। আমাক কোনেও বাধা দিব নোৱাৰিব বুলিও কয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com