আত্মহত্যা ৰোধৰ বাবে হেল্পলাইন নম্বৰ মুকলি অসম আৰক্ষীৰ

আজি গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই এই হেল্পলাইন নম্বৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে।
আত্মহত্যা ৰোধৰ বাবে হেল্পলাইন নম্বৰ মুকলি অসম আৰক্ষীৰ
Published on

গুৱাহাটী, ৯ জুলাই : ৰাজ্যত এতিয়া আত্মহত্যাৰ ঘটনা আৰু ইয়াৰ প্ৰৱণতা ব্যাপক হাৰত বাঢ়িছে। বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ মাজত গঢ় লৈ উঠা বিষন্নতা আৰু হতাশাৰ কাৰণে অপৰাধ প্ৰৱণতাও দিনক দিনে বৃদ্ধি পাইছে । এই প্ৰৱণতা ৰোধ, তথা শিক্ষাৰ্থীসকলক এই পৰিস্থিতিৰ পৰা সকাহ দিয়াৰ বাবে, মহানগৰ আৰক্ষীয়ে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁলোকক সঠিক দিশ নিৰ্দেশনাৰে জীৱনমুখী কৰি তোলাৰ বাবে এটা হেল্পলাইন নম্বৰ আৰম্ভ কৰা হৈছে। মানসিক অৱসাদ আৰু হতাশাৰ বলি হোৱা নতুন প্ৰজন্মৰ প্ৰতিনিধি বা কোনো শিক্ষাৰ্থীৰ পৰিয়ালৰ লোকে সেই হেল্পলাইন নম্বৰলৈ ফোন কৰি সমস্যাৰ সম্পৰ্কে জনাব পৰিব আৰু বিনামূলীয়াকৈ সহায় তথা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব। এই হেল্পলাইন নম্বৰটো হৈছে : ৬০২৬৯০০৫৭৪ ৬০২৬৯০০৫৫২

আজি গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই এই হেল্পলাইন নম্বৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে। গুৱাহাটী মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত হেল্পলাইন নম্বৰটো মুকলি কৰি মহন্তই ইয়াৰ সুবিধা গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনায়। সংবাদ মেলত অপৰাধ শাখাৰ অতিৰিক্ত উপ আয়ুক্ত নোমল মাহাত্তাও উপস্থিত থাকে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com