লখিমপুৰত পথ দুৰ্ঘটনাত অসমৰ সংবাদ কৰ্মীৰ মৃত্যু

ৰাজ্যৰ এটা আঞ্চলিক মিডিয়া হাউচত কাম কৰি অহা ডলী হাজৰিকাৰ দুৰ্ঘটনাত মৃত্যু হয়
লখিমপুৰত পথ দুৰ্ঘটনাত অসমৰ সংবাদ কৰ্মীৰ মৃত্যু
Published on: 

লখিমপুৰঃ লখিমপুৰ জিলাৰ বিহপুৰীয়া চহৰত সংঘটিত হোৱা এক ভয়ানক ঘটনাত এগৰাকী সংবাদ মাধ্যমৰ কর্মীয়ে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে। ৰাজ্যৰ এটা আঞ্চলিক মিডিয়া হাউচত কাম কৰি অহা ডলী হাজৰিকাৰ মৃত্য হয় দুৰ্ঘটনাত। খবৰ অনুসৰি দুচকীয়া বাহনত গৈ থকা অৱস্থাত এখন বাছে খুন্দা মাৰে ডলীক।দেওবাৰে নিশা লখিমপুৰৰ বিহপুৰীয়া জিলাৰ সন্তপুৰত সংঘটিত হয় এই শোকাৱহ ঘটনা। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হাজৰিকাক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দুখৰ বিষয় যে লখিমপুৰ চিকিৎসালয়লৈ গৈ থকা অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে ডলীয়ে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com