আই আই টিৰ ছাত্ৰ মৃত্যুৰ গোচৰ

‘ক্ৰনিক ক’ৰ’নাৰী ইনচুফিচিয়েন্সি’ৰ বাবেই ২২ বছৰীয়া ছাত্ৰজনৰ মৃত্যু হয়
আই আই টিৰ ছাত্ৰ মৃত্যুৰ গোচৰ
Published on

গুৱাহাটী : শেহতীয়া আই আই টি-গুৱাহাটী মৃত্যুৰ ঘটনাৰ কাৰণ পোহৰলৈ আহিছে। অৱশেষত লাভ কৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত এতিয়া ঘোষণা কৰা হৈছে যে ছাত্ৰজনৰ মৃত্যু হৈছে 'ক্ৰনিক ক'ৰ'নাৰী ইনচুফিচিয়েন্সি'ৰ বাবে। প্ৰতিষ্ঠানটোৱে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ কৰি শেহতীয়া বিবৃতিত উল্লেখ কৰিছে। বিবৃতিটোত আই আই টি-জিয়ে মৃতকৰ পৰিয়াললৈ আন্তৰিক শোক প্ৰকাশ কৰিছে।

মৃত যুৱকজন গুৱাহাটীৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজিৰ বিটেকৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ আছিল। ২০২৩ চনৰ ৯ জানুৱাৰীত তেওঁৰ নিজৰ হোষ্টেলৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ হৈছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com