ডি-ভোটাৰ আৰু এন আৰ চিৰ নামত হিন্দু বঙালী সকলক হাৰাশাস্তি কৰা হৈছে: সদৌ অসম বঙালী যুব ছাত্ৰ ফেডাৰেশ্যন

ডি-ভোটাৰ আৰু এন আৰ চিৰ নামত হিন্দু বঙালী সকলক হাৰাশাস্তি কৰা হৈছে: সদৌ অসম বঙালী যুব ছাত্ৰ ফেডাৰেশ্যন
Published on

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আৰু ডি-ভোটাৰৰ নামত ৰাজ্যত প্ৰকৃত হিন্দু নাগৰিকক হাৰাশাস্তি কৰা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম বঙালী যুব সংঘয়ে

২০১৮ চনৰ জুলাইত প্ৰকাশ পোৱা এন আৰ চিৰ খচৰাত ৩.২৯ কোটি আবেদনৰ ভিতৰত ৪০.০৭ লাখ লোকৰ নাম বাদ পৰিছে। পুনৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ আবেদনৰ অন্তিম দিন আছিল ২০১৮ চনৰ ৩১ ডিচেম্বৰ । সন্দেহজনক নাগৰিক অথবা যিসকল লোকৰ নাম এন আৰ চিৰ খচৰাত প্ৰকাশ হোৱা নাছিল তেওঁলোকক পুনৰ এই সময়ছোৱাৰ ভিতৰত আবেদন কৰিবলৈ কোৱা হৈছিল ।

ওদালগুৰি জিলাৰ টংলাত বুধবাৰে সংবাদমেল সম্বোধন কৰি সদৌ অসম বঙালী যুব ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি কমল চৌধৰীয়ে প্ৰকাশ কৰে যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্তিক লৈ কৰা হাৰাশাস্তি অতিকৈ দুৰ্ভাগ্যজনক । লগতে তেওঁ কয় যে যি সকলে পুনৰ আবেদন কৰিছে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে সেই শুনানি বৰ্তমানলৈকে হোৱা নাই ।

হিন্দু বঙালী সকলে কেৱল স্বাধীনতা আন্দোলনতে অংশগ্ৰহন কৰা নাছিল বৰঞ্চ তেওঁলোকে জীৱন দানো দিছিল কিন্তু তাৰ পাছতো ৰাজ্যত হিন্দু বঙালী সকল সংস্কৃতি আৰু ভাষাৰ ক্ষেত্ৰত অপমানিত হৈ আহিছে । ডি-ভোটাৰ আৰু এন আৰ চিৰ নামত হাৰাশাস্তি ভূগিব লগা হৈছে ।

বাক্সা আৰু ওদালগুৰিৰ বিভিন্ন প্ৰান্তৰ পৰা বিদেশী বুলি সন্দেহ কৰি আটক কৰা প্ৰসংগ উল্লেখ কৰে সংবাদমেলতে।তেওঁলোকক অমানৱীয় অত্যাচাৰ কৰাৰ কথাও উল্লেখ কৰে ।

কমল চৌধৰীয়ে লগতে কয় যে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ে বহুতো বিদেশীক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিছে কিন্তু এই ক্ষেত্ৰত সময় লাগিব বুলিও কয়।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com