ৰাজ্যিক বাতৰি
ডিব্ৰুগড়ত প্ৰস্ৰাৱগাৰৰ পৰা উদ্ধাৰ অপহৃত ৪ বছৰীয়া শিশুৰ মৃতদেহ
এক চাঞ্চল্যকৰ ঘটনাত ডিব্ৰুগড়ৰ পুৰণি হাইস্কুল খেলপথাৰৰ সমীপৰ পি ডব্লিউ ডি কলনীৰ এটা পৰিত্যক্ত প্ৰস্ৰাৱগাৰত উদ্ধাৰ হয় ৪ বছৰীয়া শিশুৰ মৃতদেহ
ডিব্ৰুগড়ঃ শুকুৰবাৰে পুৱা এটা চাঞ্চল্যকৰ ঘটনাত ডিব্ৰুগড়ৰ পুৰণি হাইস্কুল খেলপথাৰৰ সমীপৰ পি ডব্লিউ ডি কলনীৰ এটা পৰিত্যক্ত প্ৰস্ৰাৱগাৰত ৪ বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ হয়। আৰক্ষীৰ মতে, এজন লোকে প্ৰস্ৰাৱ কৰিবলৈ যাওঁতে কাপোৰেৰে ঢাকি থোৱা মৃতদেহটো দেখিছিল। যোৱা ৩০ জানুৱাৰীত চহৰখনৰ মালিপট্টিৰ পৰা এটা শিশুক অপহৰণ কৰা হৈছিল।ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতংক মিশ্ৰই কয় যে, "শুকুৰবাৰে পুৱা পুৰণি হাইস্কুলৰ ফিল্ড এলেকাৰ সমীপৰ পৰিত্যক্ত ঠাইৰ পৰা চাৰি বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ হয় ।কালি আমি শিশুটিক অপহৰণ কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিলোঁ।অভিযুক্তৰ নাম সুৰজ কৰ্মকাৰ।
লগতে পঢ়ক: আই আই টি-গুৱাহাটীত জি-২০ সন্মিলন

