আগন্তক লোকসভা নিৰ্বাচনত উন্নত প্ৰদৰ্শন হব: মুখ্যমন্ত্ৰী

অৱশ্যে তেওঁৰ দলটোৱে কিমান আসন লাভ কৰাৰ সম্ভাৱনা আছে সেই বিষয়ে ভৱিষ্যদ্বাণী কৰাৰ পৰা আঁতৰি থাকে মুখ্যমন্ত্ৰী
আগন্তক লোকসভা নিৰ্বাচনত উন্নত প্ৰদৰ্শন হব: মুখ্যমন্ত্ৰী

গুৱাহাটীঃ ৰাজ্যত আগন্তুক নিৰ্বাচনৰ বতাহ ক্ৰমান্বয়ে বলি থকাৰ সময়তে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ উন্নত প্ৰদৰ্শনৰ ঘোষণা কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মঙলবাৰে হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰে যদিও দলটোৱে কিমান আসন লাভ কৰাৰ সম্ভাৱনা আছে সেই বিষয়ে সঠিকভাৱে ভৱিষ্যদ্বাণী কৰাৰ পৰা আঁতৰি যায়। উল্লেখযোগ্য যে, ২০১৯ চনৰ নিৰ্বাচনত বিজেপিয়ে ১৪খন লোকসভাৰ আসনৰ ভিতৰত ৯খন আসন লাভ কৰি উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ হৈছিল।

মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক জনাইছে যে, কাৰ্যনিৰ্বাহক সভাখন নিৰ্বাচনৰ বিষয়টোক কেন্দ্ৰ কৰিয়েই ঘূৰি নাথাকে। কেইবাটাও মূল ক্ষেত্ৰ আছে যাৰ ওপৰত মতামত বিনিময় কৰা হয়।কিন্তু সংগঠনটোক তীব্ৰতৰ কৰাৰ বাবে সহযোগিতামূলক আলোচনা হ'লে নিৰ্বাচনৰ বিষয়টোও আহি পৰে।আগন্তুক লোকসভা নিৰ্বাচনৰ কৌশলৰ বিষয়ে সোধাত মন্ত্ৰীগৰাকীয়ে উত্তৰ দিলে যে, ফলাফল নিশ্চিতভাৱে পূৰ্বৰ তুলনাত ভাল হ'ব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com