গুৱাহাটীৰ গেম ভিলেজ এপাৰ্টমেণ্টত আত্মহত্যা আৰক্ষী বিষয়াৰ

গুৱাহাটীৰ গেম ভিলেজ এপাৰ্টমেণ্টত আত্মহত্যা আৰক্ষী বিষয়াৰ

সূত্ৰৰ পৰা জানিব পৰা মতে,বিষয়াজন আৰক্ষীৰ প্ৰশিক্ষণৰ বাবে আহিছিল আৰু বশিষ্ঠত থকা অস্থায়ী এপাৰ্টমেণ্টত মৃত অৱস্থাত উদ্ধাৰ হয়
Published on

গুৱাহাটীঃ বুধবাৰে পুৱা গুৱাহাটীত এজন আৰক্ষী বিষয়াক নিজৰ বাসগৃহত মৃত অৱস্থাত উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। মৃত ৰোমেন সূত্ৰধৰ বডোলেণ্ড টেৰিটৰিয়েল ৰিজন (বিটিআৰ)ৰ বাকছা অঞ্চলৰ বাসিন্দা আছিল। সূত্ৰৰ পৰা জানিব পৰা মতে, আৰক্ষীৰ প্ৰশিক্ষণৰ বাবে আহিছিল তেওঁ আৰু বশিষ্ঠত থকা অস্থায়ী এপাৰ্টমেণ্টত আছিল।যত তেওঁক নিজ কোঠাত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয় । তেওঁ কিয় ইমান কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে উলিয়াই আনে।ঘটনাৰ তদন্ত চলি আছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com